/asomiyapratidin/media/media_files/2025/04/26/Lw1oUqXt4iB56S1Bpjeu.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ কাপুৰুষালি আৰু সহ্য নকৰে ভাৰতে। নিৰীহৰ তেজেৰে ফাঁকু খেলা পাক সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক ক্ষমা নকৰে ভাৰতে। পাকিস্তানক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ভাৰত। শেহতীয়াকৈ এই ইংগিত দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
পেহেলগামৰ নাৰকীয় ঘটনাৰ পাছতে এতিয়া ভাৰত-পাকিস্তানৰ যুদ্ধাৰ দাদামা বাজিছে। যিকোনো মূৰ্হুততে সূচনা হব পাৰে যুদ্ধৰ। এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰি কয় যে, ভাৰতৰ হাতত এনে অত্যাধুনিক আৰু শক্তিশালী যুদ্ধসামগ্ৰী মজুঁত আছে, যাৰ জৰিয়তে পলকতে ধ্বংস কৰি দিব পাৰে পাকিস্তানক।
পাকিস্তানৰ লাহোৰৰ পৰা আদি কৰি কাৰাছী, ইছলামাবাদৰ দৰে চহৰ চকুৰ পলকতে টুকুৰা টুকুৰ কৰি দিয়াৰ ক্ষমতা ভাৰতৰ আছে বুলি হুংকাৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতৰ হাতত মজুত থকা অগ্নি বেলিষ্টিক মিছাইলৰ জৰিয়তে চকুৰ পলকতে ধ্বংসাৱশেষলৈ পৰিণত কৰাৰ ক্ষমতা আছে ভাৰতৰ।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ হাতত মজুত থকা এই অগ্নি বেলিষ্টিক মিছাইল আৰু ব্ৰহ্মছ ক্ৰুজ মিছাইলৰ বহুকেইটা সফল পৰীক্ষণ ৰাছিয়াৰ সৈতে মিলি সম্পন্ন কৰিছে ভাৰতে। অগ্নি বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ জৰিয়তে ৫৫০০ কিলোমিটাৰ নিলগৰ পৰাই শত্ৰুক তচনচ কৰি দিব পাৰে ভাৰতে। শব্দতকৈ ২৪গুণ বেগেৰে গতি কৰা এই মিছাইলে আক্ৰমণ কৰিলে পাকিস্তানে কোনো কথা ভৱাৰ পূৰ্বেই সকলো তচনচ হৈ পৰিব।
আনহাতে ব্ৰহ্মছ ক্ৰুজ মিছাইলো হৈছে ভাৰতৰ হাতত মজুত থকা আন এক শক্তিশালী অস্ত্ৰ। ৫০০কিলোমিটাৰ নিলগৰ পৰাই শত্ৰুক আক্ৰমণ কৰিব পৰা হ্মছ ক্ৰুজ মিছাইল শব্দতকৈ ৮গুণ বেগত গতি কৰে। ভাৰতে এই অস্ত্ৰবিধক অন্য দেশলৈও ৰপ্তানি কৰিছে।
গতিকে পাকিস্তানক ধ্বংস কৰিবলৈ ভাৰতৰ হাতত মজুত থকা এই অস্ত্ৰ দুবিধেই যথেষ্ট। এই অস্ত্ৰ দুবিধৰ কথা উল্লেখ কৰিয়েই শেহতীয়াকৈ পাকিস্তানক সাৱধানবাণী দিলে প্ৰধানমন্ত্ৰী মোডীয়ে।