বিজেপিৰ শাসনত মুছলমান সকলে নিজকে সুৰক্ষিত অনুভৱ কৰে: বিজেপি

বিজেপিৰ শাসনত মুছলমান সকলে নিজকে সুৰক্ষিত অনুভৱ কৰে: বিজেপি

author-image
asomiyapratidin
New Update
বিজেপিৰ শাসনত মুছলমান সকলে নিজকে সুৰক্ষিত অনুভৱ কৰে:  বিজেপি

ডিজিটেল ডেস্ক: বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব বিনোদ টাৱড়ে মঙলবাৰে কয় যে "ভাৰতৰ মুছসমান লোকসকল পাকিস্তানতকৈ বেছি সুৰক্ষিত আৰু তেওঁলোকে বিজেপিৰ শাসনত নিজকে সুৰক্ষিত অনুভৱ কৰে"।

Advertisment

তেওঁ কয় যে মুছলমান লোকসকলৰ সুক্ষাৰ বাবে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰা হ'ব। কাশ্মীৰ ভ্ৰমণৰ সময়ত টাৱড়ে এক সভা সম্বোধন কৰি এই মন্তব্য কৰে।

তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত থকা চৰকাৰখনে সমগ্ৰ বিশ্বৰ বৃহৎ গণতন্ত্ৰৰ ১২৫ কোটি লোকৰ বাবে কাম কৰে।এই চৰকাৰে এয়া সুনিশ্চিত কৰে যে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু পূৰ্বোত্তৰৰ পৰা গুজৰাটলৈ সকলো ৰাজ্যৰে বিকাশ হোৱাটো।

তেওঁ কয় যে বিজেপিৰ কৰ্মকৰ্তা সকলে কেতিয়াও জিৰণি নলয়, তেওঁলোকে প্ৰতিদিনেই সাধাৰণ জনতাৰ বাবে কাম কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে একমাত্ৰ এনে মুখ্যমন্ত্ৰী যিয়ে দিপাৱলী উদযাপন কৰিছে আৰু বানপানীৰ সময়ত বিভিন্ন অঞ্চল গৈ ৰাইজৰ ওচৰত থিয় দিছে।

উল্লেখ্য যে, এই সময়চোৱাত তেওঁ বিৰোধীক লৈ বিভিন্ন কটাক্ষমূলক মন্তব্য কৰে। বিৰোধীক ভ্ৰষ্টাচাৰ, আৰাজকতাৰ সৃষ্টি কৰা বুলি কয় তেওঁ।

আৰু পঢ়ক: শস্য আৰু বাগিচা উন্নয়ন নিগমক পুনৰজ্জীৱিত কৰাৰ বাবে সিদ্ধান্ত …

narendra modi bjp