একেদিনাই তিনিখনকৈ এয়াৰ ইণ্ডিয়াৰ বিমান বাতিলঃ যাত্ৰীৰ বাবে কৰিছে হোটেলৰ ব্যৱস্থা...

মঙলবাৰেও এয়াৰ ইণ্ডিয়াৰ তিনিখনকৈ বিমানত দেখা দিয়া বিসংগতিৰ বাবে যাত্ৰা ব্যাহত হৈ পৰে। ফলত নিৰ্দিষ্ট সময়ত বিমানবন্দৰত উপস্থিত হৈয়ো যাত্ৰীসকল গন্তব্যস্থানত গৈ নাপালে।  

author-image
Asomiya Pratidin
New Update
একেদিনাই তিনিখনকৈ এয়াৰ ইণ্ডিয়াৰ বিমান বাতিলঃ যাত্ৰীৰ বাবে কৰিছে হোটেলৰ ব্যৱস্থা...

ডিজিটেল ডেস্কঃ এটাৰ পিছত এটাকৈ অঘটনৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া। আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পিছত সঘনে এয়াৰ ইণ্ডিয়াৰ বিমানত বিসংগতি ধৰা পৰিছে। ফলত কোনোবাখন বিমানৰ যাত্ৰা যদি জোখতকৈ পলম হৈছে আন কোনোবাখনে আকৌ যাত্ৰা আৰম্ভ কৰিও আধাবাটৰ পৰা উভতি আহিছে অথবা জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হৈছে। 

Advertisment

মঙলবাৰেও এয়াৰ ইণ্ডিয়াৰ তিনিখনকৈ বিমানত দেখা দিয়া বিসংগতিৰ বাবে যাত্ৰা ব্যাহত হৈ পৰে। ফলত নিৰ্দিষ্ট সময়ত বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতো যাত্ৰীসকল গন্তব্যস্থানত গৈ উপনীত হ’ব নোৱাৰিলে।  

জানিব পৰা মতে ছান ফ্ৰান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বাওঁ ইঞ্জিনত যান্ত্ৰিক সমস্যাই দেখা দিয়ে। সোমবাৰে নিশা কলকাতাত অৱতৰণ কৰে এয়াৰ ইণ্ডিয়া এ আই ১৮০ বিমানখনে। 

তাৰ পৰাই মুম্বাই অভিমুখে যাত্ৰা কৰাৰ কথা আছিল এই বিমানখনে। জানিব পৰা মতে সোমবাৰে নিশা প্ৰায় ১:৪৫ বজাত এয়াৰ ইণ্ডিয়া বয়িং ৭৭৭-২০০ এল আৰ বিমানখনে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। কিন্তু বিমানখন কলকাতাত অৱতৰণ কৰাৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক সমস্যাৰ সৃষ্টি হয়। তাৰ পিছতে এই পৰ্যন্ত বিমানখনে মুম্বাই অভিমুখে যাত্ৰা কৰা নাই।

কলকাতা বিমানবন্দৰত আবদ্ধ হৈ থকা বিমানখন সন্দৰ্ভত মঙলবাৰে বিয়লিলৈকে এয়াৰ ইণ্ডিয়াই কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। পুৱা ৫:২০ বজাৰ ভিতৰত সকলো যাত্ৰীক বিমানখনৰ পৰা নামিবলৈ কোৱা হয়। বিমানখনৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰে এ আই ১৮০ৰ পাইলটে।

জানিব পৰা মতে পিছত বিমানখনৰ একাংশ যাত্ৰীয়ে বিকল্প বিমানেৰে মুম্বাইলৈ যাবলৈ সক্ষম হয় যদিও আন একাংশ তাতেই আৱদ্ধ হৈ থাকে। এইসকল যাত্ৰীৰ বাবে বিমান সংস্থাটোৱে হোটেলৰ ব্যৱস্থাও কৰিছে। 

আনহাতে আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানতো বিসংগতি ধৰা পৰিছে। মঙলবাৰে আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিকলৈ যাত্ৰা কৰাৰ কথা আছিল এআই ১৫৯ বিমানখন। 

কিন্তু নিৰ্ধাৰিত সময়ৰ পিছতো আহমেদাবাদৰ পৰা উৰা মাৰিব পৰা নাই এই বিমানখনে। পিছত এয়াৰ ইণ্ডিয়াই এই বিমানখনৰ যাত্ৰাই বাতিল কৰা বুলি ঘোষণা কৰে। 

প্ৰথম অৱস্থাত বিমানখনৰ যান্ত্ৰিক বিজুতিৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছিল যদিও পিছত এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰি কয় যে বিমানৰ উপলব্ধতা কম হোৱাৰ বাবে বিমানখন বাতিল কৰা হৈছে। 

মন কৰিবলগীয়া যে ইৰাণ-ইজৰাইল সংঘাতৰ বাবে পশ্চিম এছিয়াৰ বহু আকাশমাৰ্গ বন্ধ হৈ আছে। ফলত বহু বিমানৰ যাত্ৰাপথ সলনি কৰিবলগীয়া হৈছে।  ইয়াৰ বাবেও অধিক সময়ৰ প্ৰয়োজন হৈছে। 

মঙলবাৰে দিল্লীৰ পৰা পেৰিছলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানো বাতিল কৰে কৰ্তৃপক্ষই। উৰণৰ পূৰ্বে পৰীক্ষাৰ সময়ত এআই ১৪৩ বিমানখনত কাৰিকৰী বিজুতি ধৰা পৰে। 

যদিও এই সমস্যাৰ সমাধান কৰা হৈছে, তথাপিও বিমানখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জানিবলৈ দিয়ে। যান্ত্ৰিক বিজুতি সমাধান হোৱাৰ পিছতো কিয় বাতিল কৰা হ’ল এই বিমানখন? এই প্ৰশ্ন উত্থাপন হোৱাৰ পিছতে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জনাই যে, পেৰিছৰ চাৰ্লছ ডি গ’ল বিমানবন্দৰত নিশাৰ বিমান সেৱাত বাধা আৰোপ কৰাৰ বাবে পেৰিছলৈ এয়াৰ ইণ্ডিয়াৰ বিমানখন বাতিল কৰা হৈছে। 

যাত্ৰীসকলৰ বাবে হোটেলৰ ব্যৱস্থা কৰা হৈছে। কোনোবাই যদি টিকটৰ ধন ঘূৰাই বিচাৰে তেন্তে তাৰো ব্যৱস্থা কৰা হৈছে। কেৱল সেয়াই নহয়, ১৮ জুনত পেৰিছৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনো বাতিল কৰা হৈছে।

মঙলবাৰে অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত সঘনাই বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাৰ আঁৰৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰা হয়। ডিজিচিএৰ সঞ্চালক ফৈজ আহমেদে এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। অৱশ্যে সেই বৈঠকত কি আলোচনা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

 

এয়াৰ ইণ্ডিয়া বিমান সেৱা