পৰিচালকে ‘কাট’ কোৱাৰ পাছতো নায়িকাক এৰি দিয়া নাছিল বিনোদ খান্নাই

শেহতীয়াকৈ চৰ্চালৈ আহিছে এখম মুক্তি নোপোৱা বলিউদৰ ছবিৰ আঁৰৰ কাহিনী। দৃশ্যগ্ৰহণস্থলীত সংঘটিত এক ঘটনাৰ বাবে পৰিচালক আৰু সহঃ অভিনেত্ৰীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছিল এগৰাকী প্ৰখ্যাত অভিনেতা।

author-image
Asomiya Pratidin
New Update
364

ডিজিটেল ডেস্ক : শেহতীয়াকৈ চৰ্চালৈ আহিছে এখম মুক্তি নোপোৱা বলিউদৰ ছবিৰ আঁৰৰ কাহিনী। দৃশ্যগ্ৰহণস্থলীত সংঘটিত এক ঘটনাৰ বাবে পৰিচালক আৰু সহঃ অভিনেত্ৰীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছিল এগৰাকী প্ৰখ্যাত অভিনেতা।

Advertisment

সেয়া আছিল ৮০ দশকৰ কথা। তেতিয়াৰ সুদৰ্শন অভিনেতা বিনোদ খান্নাক নায়ক আৰু মোহময়ী অভিনেত্ৰী ডিম্পল কাপাডিয়াক নায়িকা হিচাপে লৈ পৰিচালক মহেশ ভাটে নিৰ্মাণ কৰিছিল ‘প্ৰেম ধৰ্ম’ নামৰ এখন চিনেমা।

এই ছবিখনৰে এটা ৰোমাণ্টিক দৃশ্যৰ দৃশ্যগ্ৰহণ চলি থকাৰ মাজতে সংঘটিত হৈছিল এক অবাঞ্চিত ঘটনাৰ। পোহৰলৈ অহা খবৰ অনুসৰি ছবিখনৰ সেই নিৰ্দিষ্ট দৃশ্যটোৰ দৃশ্যগ্ৰহণ চলি থকাৰ সময়ত নায়কে নায়িকাক কিছু সময় আলিংগন কৰিব লাগে। তাৰোপৰি নায়িকাৰ গালত নায়ক চুম্বন কৰাৰো দৃশ্য আছে।

যথা সময়ত চিত্ৰনাট্য অনুসৰি নিৰ্দিষ্ট দৃশ্যটোৰ দৃশ্যগ্ৰহণ কৰিবলৈ আগবাঢ়িল পৰিচালক, নায়ক- নায়িকাৰ লগতে চিত্ৰগ্ৰহণকাৰী। তেনে সময়তে সুদৰ্শন চেহেৰাৰ নায়ক বিনোদ খান্নাই তেওঁৰ বিপৰীতে থকা নায়িক ডিম্পল কাপাডিয়াৰ সৈতে উক্ত দৃশ্যটো কৰিব আগবাঢ়ে। 

সকলো ঠিকেই আছিল যদিও এটা সময়ত বিনোদ খান্না অধিক উত্তেজিত হৈ নায়িকাৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰা পৰিলক্ষিত হয়। তাকে দেখি পৰিচালক মহেশ ভাটে একাধিক বাৰ ‘কাট‘ বুলি চিঞৰে যদিও নায়কে সেই কথালৈ কাণ নিদি নায়িকাৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰে। 

নায়ক বিনোদ খান্নাৰ এনে ৰূপ দেখি নায়িকা ডিম্পলে লগে লগে মেক- আপ ৰূমলৈ দৌৰ মাৰে আৰু পৰৱৰ্তী শ্বট দিবলৈ অমান্তি হয়।  এই ঘটনাৰ পাছতে দৃশ্যগ্ৰহণস্থলীত এক অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হয় সকলোৱে। 

তাৰ পাছতে লাজে- অপমানে বিনোদ খান্নাই পৰিচালক আৰু নায়িকা ডিম্পল কাপাডিয়াৰ ওচৰত ক্ষমা বিচাৰে। অৱশ্যে বাকীছোৱা শ্বুটিং সম্পন্ন নোহোৱাত ছবিখন মুক্তি দিব নোৱাৰিলে।

cinema