২০এপ্ৰিলৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰাৰ আশা ট্ৰাম্পৰ, কিন্তু...

ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তি আলোচনাৰ বাবে আমেৰিকাই মধ্যস্থতাকাৰী ভূমিকা অতি সৰ্তকতাৰে পালন কৰিছে। যোৱা দেওবাৰে শান্তি আলোচনাক লৈ ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে

author-image
Asomiya Pratidin
New Update
turmb

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তি আলোচনাৰ বাবে আমেৰিকাই মধ্যস্থতাকাৰী ভূমিকা অতি সৰ্তকতাৰে পালন কৰিছে। যোৱা দেওবাৰে শান্তি আলোচনাক লৈ ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে সোমবাৰে আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত হব ৰাছিয়াৰ।  

Advertisment

দুয়োখন দেশৰ পৰা পৃথকে পৃথকে আমেৰিকাই তেওঁলোকৰ মত আৰু দাবীৰ সন্দৰ্ভত বুজ লোৱাৰ চেষ্টা চলোৱা হৈছে। আনফালে সোমবাৰে ৰাছিয়াৰ সৈতে বৈঠক বহাৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰদূতে সদৰি কৰিছে যে, ৰাছিয়াই শান্তি আলোচনা পোষকতা কৰিছে। এই সন্দৰ্ভত পুটিনেও যোগাত্মক সহাঁৰি দিয়াৰ কথা সদৰি কৰিছে আমেৰিকাই। 

ইফালে ব্লুমবাৰ্গৰ ৰিৰ্পট অনুসৰি, মাৰ্কিন ৰাষ্ট্ৰপ20তি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ২০এপ্ৰিলৰ ভিতৰত শেষ হব বুলি ঘোষণা কৰিছে। কিন্তু যুদ্ধক লৈ ট্ৰাম্পৰ এই ডেডলাইন ৰাছিয়া বা ইউক্ৰইনে কিমান মানি লয় সেয়াহে লক্ষ্যণীয় হৈছে। যোৱা দেওবাৰে ইউক্ৰেইনৰ সৈতে হোৱা বৈঠকত ৩০দিনৰ বাবে যুদ্ধবিৰতি পালন কৰিবলৈ আমেৰিকাই ইউক্ৰেইনক আহ্বান জনাইছিল।

কিন্তু আমেৰিকাই ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাত বহি থকাৰ সময়তে ৰাছিয়াই ইউক্ৰেইনত চলালে ড্ৰোণ আক্ৰমণ। এই আক্ৰমণত ৩গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ কথা সদৰি কৰিছে ইউক্ৰেইনে। ইয়াৰে এগৰাকী ৫বছৰীয়া শিশুও আছে।  এনে পৰিস্থিতিৰ মাজত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আমেৰিকাই কেনেকৈ শান্তি আনিব সেয়াহে লক্ষ্যণীয় হ'ব। 

 

ড'নাল্ড ট্ৰাম্প