/asomiyapratidin/media/media_files/2025/02/24/J5MIPzJUOrCHyac3mpXc.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ৩টা বছৰ সম্পূৰ্ণ কৰিলে। ২০২২ৰ ২৪ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল এই যুদ্ধৰ। তিনিবছৰীয়া সম্পূৰ্ণ হোৱা এই দিনটোতে ৰাছিয়াই কৰিলে ইউক্ৰেইনক। ইউক্ৰেইনে সদৰি কৰা অনুসৰি, দেশখনৰ প্ৰায় ১৩টা অঞ্চলত এই আক্ৰমণে বিস্তৰ ক্ষতি সাধন কৰিছে।
আমেৰিকাই ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ অচিৰেই সমাপ্ত কৰাৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰাৰ সময়তে এনে আক্ৰমণে পুনৰ দুয়োখন দেশৰ মাজত শত্ৰুতা বৃদ্ধি কৰিব, সেয়া নিশ্চিত। ইফালে আমেৰিকাই শান্তি আলোচনাৰ বাবে ৰাছিয়াৰ সৈতে আলোচনা কৰিছে যদিও এতিয়ালৈকে ইউক্ৰেইনৰ প্ৰতিনিধিৰ সৈতে প্ৰত্যক্ষভাৱে কোনো কথা পতা নাই।
এক আন্তৰাষ্ট্ৰীয় সংস্থাই চলোৱা এক সমীক্ষা অনুসৰি, ২০২২ৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ ফলত এতিয়ালৈকে ইউক্ৰেইনে হেৰুৱাইছে প্ৰায় ১১শতাংশ ভূমি। চন ২০১৪ৰ পৰা এতিয়ালৈকে ৰাছিয়াই ইউক্ৰেইনৰ ১৮শতাংশ ভূমি দখল কৰা তথ্য শেহতীয়াকৈ প্ৰকাশ পাইছে।
২০২২ৰ পৰা এতিয়ালৈকে আমেৰিকাই ইউক্ৰেইনক বিশেষভাৱে সহায় কৰি আহিছে। ২০২২ৰ পৰা এতিয়ালৈকে ৯৫বিলিয়নৰ সাহায্য আগবঢ়াইছে আমেৰিকাই। কিন্তু শেহতীয়াকৈ ট্ৰাম্প চৰকাৰ অহাৰ পাছত আমেৰিকাই ইউক্ৰেইনক লৈ সাহায্য নীতিৰ কিছু সালসলনি কৰিব বিচাৰিছে। সহায়ৰ বিনিময়ত এতিয়া ইউক্ৰেইনৰ পৰা খনিজ পদাৰ্থ বিচাৰিছে আমেৰিকাই। কিন্তু জেলেনস্কিয়ে এই প্ৰস্তাৱ নাকচ কৰিছে।
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ২০২৪ৰ শেষৰলৈকে ৬৩লাখ ইউক্ৰেইনৰ নাগৰিক ইউৰোপত, ১২লাখ জাৰ্মানী, ৯লাখ পোলেণ্ড আৰু ৩.৯লাখ নাগৰিক চেক ৰিপাব্লিকত শৰনাৰ্থী হিচাপে থকাৰ কথা শেহতীয়াকৈ প্ৰকাশ পাইছে। আচৰিত কথাটো হৈছে যে, যুদ্ধৰ পিছত ১২লাখ ইউক্ৰেইনৰ নাগৰিক শৰনাৰ্থী হিচাপে আছে ৰাছিয়াত। ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদন অনুসৰি, এই যুদ্ধত এতিয়ালৈকে ৪০হাজাৰো অধিক লোকৰ মৃত্যু হৈছে।
৪০হাজাৰৰ বিপৰীতে এই যুদ্ধত এতিয়ালৈকে ৩.৯লাখ সৈনিকৰ মৃত্যু হোৱাৰ হোৱাৰ তথ্যত শেহতীয়াকৈ প্ৰকাশ পাইছে। সৰ্বমুঠ এই যুদ্ধত প্ৰায় ৪.৭৫লাখ লোকৰ মৃত্যু হৈছে বুলি তথ্য সদৰি কৰিছে ৰাষ্ট্ৰ সংঘই।