/asomiyapratidin/media/media_files/2025/07/29/jkjk-2025-07-29-14-45-21.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী নিহাৰীকা নাথে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....
মৰমৰ ভণ্টি ৰ'দালি,
মৰম ল'বা। আশা ৰাখিছো তোমাৰ লগতে তোমাৰ মা, দেউতা আৰু দাদা ভালে আছে। তোমালোকৰ আৰ্শীবাদত আমিও ভালে আছো।
এই গৰমৰ বন্ধত আন বাৰৰ দৰে এইবাৰো যান্ত্রিক মহানগৰীৰ কোলাহলৰ মাজৰ পৰা অকনমান মুক্ত বিহঙ্গত হৈ দেউতাৰ গাওঁখনলৈ ঢাপলি মেলাৰ উদ্দেশ্যে যোরা ৮ জুলাই তাৰিখে গুৱাহাটীৰ পৰা ছিপাঝাৰৰ গাঁৱৰ ঘৰত গৈ উপস্থিত হওঁ। তুমিটো জানাই গাওঁৰ মনোমোহা প্রাকৃতিক দৃশ্যৰাজিৰ মাজত ঘুৰি ফুৰি মই খুব ভালপাওঁ। মুকলি মুৰীয়াকৈ উশাহ-নিশাহ লৈ কি যে মজা ন। কিন্তু এইবাৰ বৰদেউতাৰ ঘৰলৈ যোৱাৰ অভিজ্ঞতা সুকীয়া।
জানা ভন্টি, এইবাৰ খৰাং বতৰে গাওঁখনৰ পৰিস্থিতি অশান্ত কৰি তুলিছে। এইবাৰৰ অভিজ্ঞতা যেন জীৱনৰ এটা নতুন পাঠ হৈছিল। বতৰৰ যি ধৰণৰ উষ্ণতা-যিটো কেৱল গাত নহয়, হৃদয়তো লাগিছিল। বৰদেউতাই ধানৰ খেতিৰ বাবে মাটি সাজু কৰিছিল, কিন্তু বৰষুণৰ পানী আকাল। বৰষুণৰ পৰিমাণ এইবাৰ তেনেই তাকৰ যাৰ ফলত মাটি ফাটি যাব ধৰিছে, খাল-বিল শুকাবলৈ ধৰিছে। তদুপৰি, বৰদেউতাৰ একমাত্ৰ টিউবৱেলটো এইবাৰ আকস্মাতে বন্ধ হৈ পৰিল। সেইখিনি আশা আছিল, তাকো হেৰুৱাই অশেষ অসুবিধা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/29/whatsapp-2025-07-29-14-38-38.jpeg)
গাঁৱৰ ৰাইজৰ মুখত হতাশা। কোনোবাই পানীৰ বাবে পুখুৰীৰ পৰা টানি আনিছে, আন কেতবোৰে খৰচ কৰি মেচিন চলাইছে। আইতাই ক'লে, "অন্ন উৎপাদন সর্বতকৈ কঠিন কাম।” সেইদিনা বুজিলোঁ, খাদ্য কিমান মূল্যবান।
এই খেৰাং কেৱল খেতিকেই নহয়, সকলো জীৱৰ ওপৰতে প্রভাৱ পেলাইছে। ভন্টি এই অভিজ্ঞতাই মোক বুজাই দিলে- খেতিয়কৰ জীৱন অতি কঠিন, তেনে পৰিস্থিতিতো আশা নেৰি আগবাঢ়িছে। তুমি চিঠিখন পঢ়ি ভাবি চোৱা, আৰু মতামত জনাবা।
ইতি
তোমাৰ বা
নিহাৰীকা নাথ
অসম জাতীয় বিদ্যালয়
শ্ৰেণী- সপ্তম (খ)
নুনমাটি, গুৱাহাটী- ৭৮১০২০
ঠিকনা-
ৰ'দালি শিৱম
ঢেকীয়াজুলি
অসম- ৭৮৪১১০১