/asomiyapratidin/media/media_files/2025/02/12/4G0FgnBwvp686amz3yyJ.jpg)
ইতি তোমাৰ
ডিজিটেল ডেস্কঃ ২০২৪বৰ্ষত মুক্তি লাভ কৰা পৰিচালক পাৰৱেজ আহমেদৰ ইতি তোমাৰ নামৰ ছবিখনে ২০২৫বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ড নৰ্থ ইষ্টত বিশেষ সফলতা বুটলিবলৈ সক্ষম হৈছে। ছবিখনে প্ৰায় ৭টা শাখাত নমিনেচন লাভ কৰিছে।
সমাজৰ তথাকথিত কিছু নীতি-নিয়মৰ বশৱৰ্তী হৈ কেতিয়াবা "প্ৰেম"ৰ মৃত্যু হয় এনে এক কাহিনীকে আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছিল অসমীয়া ছবি "ইতি তোমাৰ" ৷ এই ছবিখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বটাঁৰ বাবে ড০ অনুপম কৌশিক বৰা, সহযোগী অভিনেতাৰ বাবে বিশিষ্ট অভিনেতা অৰুণ নাথ, শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে দৰথী ভৰদ্বাজে নমিনেচন লাভ কৰিছে।
আনফালে ছবিখনত প্ৰদান কৰা সুৱদী কন্ঠৰ বাবে জুতিমালা বুঢ়া গোহাঁইৰ নামো শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ শাখাত বাচনিভূক্ত হৈছে। শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানতো অৰিন্দম বৰকটকী আৰু পাৰৱেজ আহমেদ, শ্ৰেষ্ঠ শিশু শিল্পীৰ বাবে হৰ্ষিতা ডি কাশ্যপ নামো চূড়ান্ত নমিনেচনৰ বাবে বাচনিভূক্ত হৈছে।
আনহাতে পৰিচালক পাৰৱেজ আহমেদৰ নাম চলচ্চিত্ৰ সমালোচকৰ শ্ৰেষ্ঠ পৰিচালকৰ শাখাত নমিনেচন লাভ কৰাৰ কথা ৰাজহুৱা কৰিছে ছবিখনৰ প্ৰযোজকে।