ডিজিটেল সংবাদ, নামৰূপঃ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড চমুকৈ বিভিএফচিএক পুনৰুজ্জীৱিত কৰাৰ বাবে অসম কেবিনেটে লোৱা উল্লেখযোগ্য পদক্ষেপক আদৰণি জনাইছে উদ্যোগটোৰ তিনিওখন ইউনিয়ন আৰু বিজেপিৰ কৰ্মকৰ্তা সকলে৷ সোণালী বৰ্ষ গৰকা নামৰূপ সাৰ কাৰখানাৰ মুঠ তিনিটা গোটৰ বৰ্তমান তৃতীয়টো গোট কাৰ্যক্ষম হৈ আছে৷
উত্তৰ পূৰ্বাঞ্চলৰ এক মাত্ৰ সাৰ উদ্যোগটোৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা বুজি ২০০৬ চনতে নতুন গ্ৰীণ ফিল্ড ইউৰিয়া গোট অৰ্থাৎ চতুৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু বিগত ১৯ বছৰে নতুন গোট এটা স্থাপন সন্দৰ্ভত কোনো ধনাত্মক পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত হতাশাগ্ৰস্ত হৈ পৰিছিল উদ্যোগটোৰ কৰ্মচাৰী আৰু নামৰূপবাসী ৰাইজ।
অৱশেষত চতুৰ্থ গোট স্থাপনৰ বাবে অসম কেবিনেটে ১০, ৬০১ কোটি টকাৰ ৪০% অংশীদাৰিত্ব গ্ৰহণ কৰাত উৎসাহিত হৈ পৰিছে নামৰূপ বাসী ৰাইজ তথা উদ্যোগটোৰ তিনিওখন ইউনিয়ন৷
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে শুকুৰবাৰে বিয়লি বিজেপি জয়পুৰ মণ্ডলৰ কৰ্মকৰ্তা সকলৰ লগতে নামৰূপৰ কমকৰ্তসকলে সাৰ উদ্যোগৰ মুখ্য প্ৰবেশদ্বাৰ আৰু সোণাৰি তিনিআলিত সমবেত হৈ ফটকা ফুটাই আনন্দ উল্লাশ কৰে৷
আনহাতে অসম চৰকাৰৰ এই সিদ্ধান্তই সাৰ উদ্যোগটোক সজীৱ কৰি তুলি অঞ্চলটোৰ কৃষি খণ্ডক উন্নীত কৰিব বুলি আশাপ্ৰকাশ কৰিছে নামৰূপৰ ৰাইজে৷
উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ ঘোষণা মৰ্মে ‘নতুন উদ্যোগটোত কেন্দ্ৰীয় চৰকাৰে ৬০% ইকুইটি অংশীদাৰিত্ব লাভ কৰিব, বাকী ৪০% অসম চৰকাৰে পৰিচালনা কৰিব৷ এই যৌথ প্ৰচেষ্টাৰ লক্ষ্যৰে স্থাপন হ’বলগীয়া বিভিএফচিএলৰ চতুৰ্থ ইউনিটটো এবাৰ কাৰ্যক্ষম হ’লে উদ্যোগটোৰ উৎপাদন ক্ষমতা বৰ্তমানৰ ১.৮০ লাখ মেট্ৰিক টনৰ পৰা বছৰি ১২ লাখ মেট্ৰিক টন ইউৰিয়া আৰু এমোনিয়ালৈ যথেষ্ট বৃদ্ধি পাব বুলি কৰা ঘোষণাই হতাশাগ্ৰস্ত কৰ্মচাৰী সকলক নতুন সম্ভাৱনাৰ ৰেঙনি প্ৰত্যক্ষ কৰিছে৷
এই সন্দৰ্ভত বি ভি এফ চি এলৰ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক উৎপল চাংমাই আৰু ওৱৰ্কৰ্চ ইউনিয়নৰ সভাপতি বৈকুণ্ঠ ঠাকুৰীয়া আৰু ইণ্ডিপেণ্ডেণ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মৃণাল সন্দিকৈ আৰু প্ৰাক্তন শ্ৰমিক নেতা তিলেশ্বৰ বৰাই পৃথকে পৃথকে দিয়া মন্তব্যত সাৰ কাৰখানাক পুনৰুজীবীতকৰণৰ বাবে লোৱা পদক্ষেপক আদৰণি জনায়৷ লগতে অসমৰ মুখ্য মন্ত্ৰী আৰু স্থানীয় বিধায়ক তৰংগ গগৈৰ উদ্যোগ টোক লৈ কৰা নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ শলাগ লয়৷
উল্লেখ কৰা প্ৰয়োজন যে পূব ভাৰতৰ একমাত্ৰ ইউৰিয়া উৎপাদনকাৰী ইউনিট বিভিএফচিএলৰ আওপুৰণি আন্তঃগাঁথনিৰ বাবে সংগ্ৰাম কৰি আহিছে উক্ত ইউনিয়ন কেইখন আৰু সংগঠন সমূহে৷ উদ্যোগটোত বৰ্তমান চলি থকা তৃতীয় ইউনিট নামৰূপক শ্ৰমিক কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি কাৰ্যক্ষম কৰি ৰাখিছে৷
সন্ধিয়া উদ্যোগটোৰ মুখ্য প্ৰবেশ দ্বাৰ আৰু সোণাৰি তিনি আলিত সমবেত জয়পুৰ মণ্ডলৰ কৰ্মকৰ্তা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জিন্দাবাদ, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, যুৱ নেতা তৰংগ গগৈ জিন্দবাদ ধ্বনিৰে উত্তাল কৰি তোলে৷ হৰ্ষোল্লাস কাৰ্যসূচীত বিজেপি জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা, নামৰূপ পৌৰসভাৰ পৌৰপতি প্ৰশান্ত গগৈ প্ৰমুখ্যে কৰ্মকৰ্তা সকল উপস্থিত থাকে৷
চৰকাৰৰ এই পদক্ষেপে উদ্যোগটোৰ সাৰ উৎপাদনৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি আশা কৰিছে নামৰূপ বাসী ৰাইজে৷