Advertisment

কনচেং সম্প্রীতি দিৱস উপলক্ষে প্রবন্ধ প্রতিযোগিতাৰ আয়োজন

গৌৰৱময় ছশ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথমজনা বৰপাত্ৰগোহাঁই কনচেং বৰপাত্ৰগোহাঁই জন্মদিনটো সদৌ অসম বৰপাত্ৰগোহাঁই বংশাৱলীৰ উদ্যোগত প্ৰতি বছৰে অসমৰ বিভিন্ন প্রান্তত কনচেং সম্প্রীতি দিৱস হিচাপে উদযাপন কৰি আহিছে

author-image
Asomiya Pratidin
New Update
jorhat koncheng

ডিজিটেল সংবাদ,যোৰহাট : গৌৰৱময় ছশ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথমজনা বৰপাত্ৰগোহাঁই কনচেং বৰপাত্ৰগোহাঁই জন্মদিনটো সদৌ অসম বৰপাত্ৰগোহাঁই বংশাৱলীৰ উদ্যোগত প্ৰতি বছৰে অসমৰ বিভিন্ন প্রান্তত কনচেং সম্প্রীতি দিৱস হিচাপে উদযাপন কৰি আহিছে। অহা ২০২৫ বর্ষত আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট জিলাৰ হোলোঙাপাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰিবলৈ আয়োজন কৰিছে।

Advertisment

এই উপলক্ষে উদযাপন সমিতিৰ তৰফৰ পৰা সদৌ অসম ভিত্তিত এক প্ৰৱন্ধ প্রতিযোগিতাৰ আয়োজন কৰিছে। প্রতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। 'ক' শাখা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ বিষয়- ‘বৰঅসম গঠনত কনচেং বৰপাত্ৰগোহাইৰ ভূমিকা’।

‘খ’ শাখা একাদশ শ্ৰেণীৰ পৰা মুকলি। বিষয়- ‘অসম বুৰঞ্জীত কনচেং বৰপাত্ৰগোহাইৰ স্থান’। সর্বোচ্চ পোন্ধৰশ শব্দৰ ভিতৰত হ’ব লগা প্ৰৱন্ধসমূহ ডাকযোগে, ই- মেইল অথৱা ৱাটছএপযোগে অহা ২৫ ডিচেম্বৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব।

প্ৰৱন্ধ পঠিওৱাৰ ঠিকনা- সভাপতি/ সম্পাদক, কনচেং সম্প্রীতি দিৱস -২০২৫ ডাক- কপৰাধৰা, লাহদৈগড়, যোৰহাট- ৭৮৫৭০০ অথবা প্ৰণৱ কুমাৰ বৰপাত্ৰগোহাঞি, ডাক অধীক্ষকৰ কাৰ্যালয়, যোৰহাট-৭৮৫০০১। ৱাটছএপ নং- ৯৪৩৫০৯৩৭৭৬ অথবা ৯৯৫৪৬০১০৮৬, ইমেইল- pkbpg1983@gmail.com অথবা borpatragohainbonswali.2018@gmail.com প্ৰেৰণ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জনাইছে।

টাই আহোম