Advertisment

ঢকুৱাখনাত কেন্দ্ৰীয় পুঁজিৰে খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন

ঢকুৱাখনা বিধানসভা সমষ্টিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৫ লাখ ৪৫ হাজাৰ ৭১৩ টকা ব্যয় সাপেক্ষ এখন ব্যয় বহুল খহনীয়া প্ৰতিৰোধ আঁচনিৰ গুণগত নিৰ্মাণ সম্পূৰ্ণ হৈছে ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত কেন্দ্ৰীয় পুঁজিৰে খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন

ঢকুৱাখনাত কেন্দ্ৰীয় পুঁজিৰে খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা বিধানসভা সমষ্টিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৫ লাখ ৪৫ হাজাৰ ৭১৩ টকা ব্যয় সাপেক্ষ এখন ব্যয় বহুল খহনীয়া প্ৰতিৰোধ আঁচনিৰ গুণগত নিৰ্মাণ সম্পূৰ্ণ হৈছে । ঢকুৱাখনা বিধানসভা সমষ্টিৰ এই খহনীয়া প্ৰতিৰোধ আঁচনিখনৰ সফল ৰূপায়নে অঞ্চলবাসীৰ এটা দীৰ্ঘদিনীয়া জটিল সমস্যাৰ স্থায়ী সমাধান কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Advertisment

উল্লেখযোগ্য যে ঢকুৱাখনা লোকনিৰ্মাণ পথ সংমণ্ডলৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পদুমণি থানৰ পৰা কাতৰি চাপৰি সংযোগী এই সদাব্যস্ত জৰাজীৰ্ণ পথৰ বান্স গাঁও অংশত থকা ঘাগৰ নদীৰ দলঙৰ মূৰত ভয়াৱহ গৰাখহনীয়াই জটিল সমস্যাৰ সৃষ্টি কৰিছিল । বৃহত্তৰ অঞ্চলবাসীৰ আৰ্থ সামাজিক বিকাশত প্ৰধান অন্তৰায় হৈ থিয় দি অহা এই সমস্যা দূৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰে বিধায়ক নৱ দলেয়ে ।

ঢকুৱাখনাত কেন্দ্ৰীয় পুঁজিৰে খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন
ঢকুৱাখনাত কেন্দ্ৰীয় পুঁজিৰে খহনীয়া প্ৰতিৰোধ আঁচনি সম্পন্ন

 

ঢকুৱাখনা লোকনিৰ্মান সংমণ্ডলৰ জৰিয়তে এই খহনীয়া ৰোধৰ লক্ষ্যৰে এক আঁচনি গ্ৰহণ কৰে বিধায়কগৰাকীয়ে । সেই অনুক্ৰমে কেন্দ্ৰীয় চৰকাৰে এছ ডি এম এফ শিতানৰ ২০২৩- ২০২৪ বৰ্ষৰ কৰ্ম আঁচনিৰ অন্তৰ্ভুক্ত কৰে । 

প্ৰস্তাৱিত আঁচনিখনৰ বিপৰীতে  প্ৰায় ৪৫লাখ ৪৫ হাজাৰ টকা অনুমোদন জনাই কেন্দ্ৰীয় চৰকাৰে । লোকনিৰ্মান বিভাগে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত এই গৰা খহনীয়া  আঁচনিৰ কাম তড়িৎ গতিত সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে । ফলশ্ৰুতিত  ঢকুৱাখনা লোকনিৰ্মান বিভাগে নিৰ্ধাৰিত সময়ৰ ভিতৰত  অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে এই আঁচনিৰ সফল  ৰূপায়ন কৰিবলৈ সক্ষম হ'ল ।

স্থানীয় সমীপৱৰ্তী গ্ৰামাঞ্চলৰ সহস্ৰাধিক নাগৰিকৰ আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত প্ৰভূত অবদান আগবঢ়াবলৈ এই নৱনির্মিত আঁচনি সক্ষম হ'ব বুলি অঞ্চলৰ ৰাইজে মত পোষণ কৰিছে ।

ঢকুৱাখনা