/asomiyapratidin/media/media_files/2024/11/18/NL3CuiUb9MBFtPMeTePF.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী কানাইঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যমুনাতলী সংযোগী মূল পথছোৱা খহাই নিছে কালিয়নী নদীৰ সোঁতে । কালিয়নি নৈয়ে সৃষ্টি কৰা গৰাখহনীয়াই এটা বৃহৎ অঞ্চল তথা ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দলঙলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি।
উক্ত অঞ্চলটোৰ এছোৱা সংযোগী পথ নি:চ্ছিন্ন হোৱাৰ দিশে গতি কৰিছে । ভুক্তভোগী স্থানীয় ৰাইজে গৰাখহনীয়াৰ জ্বলন্ত সমস্যাৰ কথা যুৱনেতা তথা সমাজকৰ্মী প্ৰিয়ংদ্বীপ কাকতিক অৱগত কৰে।
ইয়াৰ পাছতে তাৎক্ষণিকভাৱে যুৱনেতাগৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰে আৰু স্থানীয় বিধায়কৰ জৰিয়তে প্ৰতিৰোধৰ বাবে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে যোগাযোগ কৰাৰ আশ্বাস দিয়ে ৰাইজক ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us