/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/klhlhkl.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : ক্ৰমহ্রাসমান ব্ৰহ্মপুত্ৰৰ জলস্তৰে ভয়াবহ দুৰ্যোগ নমাই আনিছে নদীপৰিয়া ৰাইজলৈ । কিছুদিন পূৰ্বলৈকে বিশাল জলৰাশিৰে বানৰ সন্ত্রাস সৃষ্টিকৰি অহা ব্ৰহ্মপুত্ৰৰ বানৰ ঢল কমাৰ পাছত প্ৰচণ্ড গৰা খহনীয়া চলাই ঢকুৱাখনা মহকুমাৰ ভৌগোলিক অস্তিত্বলৈ মহা সংকট নমাই আনিছে ।
প্ৰধানতঃ ব্ৰহ্মপুত্ৰই চিচি টেকেলিফুটা মথাউৰীৰ সমীপৰ লোটাচুৰ,যোগী সুঁতি ,বান্দেনা,বাঘচুক ,মাতমৰা ,তাকাৰচুক আদি। প্ৰায় ১০ কিলোমিটাৰ অংশত বিগত কেইবা মাহ ধৰি নিৰবিছিন্ন হাৰত অব্যাহত ৰাখি আহিছে গৰাখহনীয়া । ঢকুৱাখনা জলসম্পদ বিভাগে পুঁজিৰ নাটনিৰ বাবে কোনোধৰণৰ ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে এই সমস্যাটোৱে গ্ৰহণ কৰিছে জটিল পৰিস্থিতি।
এনে প্ৰেক্ষাপটত শনিবাৰে বিপদাপন্ন চিচি টেকেলিফুটা মথাউৰী পৰিদর্শনৰ বাবে ঢকুৱাখনাত উপস্থিত হোৱা জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপিক এক স্মাৰক পত্ৰ প্ৰদান কৰে ঢকুৱাখনা জিলা মিচিং জাতিয় সংগঠনে। টাকাম মিচিং পৰিন কৌবাং ,মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ নেতৃবৰ্গ ক্ৰমে বৃগেন দলে ,ভূপেন দলে , দ্বীপেন দলে ,মোহন পেগু ,পূৰ্ণিমা পাতিৰ ,কাশ্মিৰীকা দলেৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ মুখ্য অভিযন্তা গৰাকীক খহনীয়া গ্ৰস্ত এলেকাৰ পৰিদর্শন কালত প্ৰদান কৰি শীঘ্ৰে দীৰ্ঘম্যাদী প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি ঢকুৱাখনা আৰু মাজুলীৰ ভৌগলিক অস্তিত্বৰ স্থায়ী সুৰক্ষা প্ৰদানৰ আহ্বান জনায় ।
তাৰোপৰি সাম্প্ৰতিক সময়ত খহনীয়া প্ৰতিৰোধৰ বাবে অস্থায়ী প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰাৰো আহ্বান জনায় মুখ্য অভিযন্তা গৰাকীক। মুখ্য অভিযন্তা ৰংপিয়ে ব্ৰহ্মপুত্ৰৰ আগ্ৰাসন ৰোধৰ বাবে অস্থায়ী প্ৰতিৰোধ আঁচনি শীঘ্ৰেই হাতত লব বুলি নিশ্চয়তা প্ৰদান কৰে ৰাজহুৱা ভাবে ।
আৰু পঢ়ক: মণিপুৰৰ ভূমিস্খলনত আহত সকলৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী পিযুষ হাজৰিকাই…