মে’ মাহত ২০ লাখৰো অধিক সদস্যক কৰিলে অন্তৰ্ভুক্ত

২০২৫ চনৰ মে’ মাহত অৱসৰ পুঁজি সংস্থা ইপিএফঅ’ই সৰ্বকালৰ সৰ্বোচ্চ ২০ লাখ সদস্য যোগ কৰিছে। এই তালিকাত  ৯৪২হাজাৰ নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
web ap epfo

ডিজিটেল ডেস্কঃ  ২০২৫ চনৰ মে’ মাহত অৱসৰ পুঁজি সংস্থা ইপিএফঅ’ই সৰ্বকালৰ সৰ্বোচ্চ ২০ লাখ সদস্য যোগ কৰিছে। এই তালিকাত  ৯৪২হাজাৰ নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত কৰা হৈছে। সোমবাৰে প্ৰকাশ পোৱা পে-ৰোলৰ তথ্যত প্ৰকাশ পাইছে এই পৰিসংখ্যা।

Advertisment

এই পৰিসংখ্যা ২০২৫ চনৰ এপ্ৰিলৰ তুলনাত ৪.৭৯ শতাংশ বৃদ্ধি পাইছে। শ্ৰম মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে, ২০১৮ চনৰ এপ্ৰিল মাহত পে-ৰোল ডাটা ট্ৰেকিং আৰম্ভ হোৱাৰ পিছত মে’ মাহৰ এই পৰিসংখ্যা হৈছে সৰ্বাধিক ৰেকৰ্ড কৰা সংযোজন। 

ইফালে, সমগ্ৰ বিষয় সন্দৰ্ভত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মানসুখ মাণ্ডবিয়াই সদৰি কৰে যে, "২০২৫ চনৰ মে’ মাহত ইপিএফঅ’ৰ সৰ্বকালৰ সৰ্বোচ্চ নেট সদস্য সংযোজন ভাৰতৰ আনুষ্ঠানিক নিয়োগ পৰিৱেশৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰমাণ। এই ঐতিহাসিক কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্ব আৰু যুৱ-সমৰ্থক, শ্ৰমিক সমৰ্থক সংস্কাৰৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাৰ প্ৰত্যক্ষ ফল" বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 

আনহাতে, নতুন গ্ৰাহকৰ এই বৃদ্ধিৰ কাৰণ হিচাপে নিয়োগৰ সুযোগ বৃদ্ধি, কৰ্মচাৰীৰ সুবিধাৰ প্ৰতি সজাগতা বৃদ্ধি, আৰু ইপিএফঅ’ৰ সফল আউটৰিচ কাৰ্যসূচী বুলি অনুমান কৰা হৈছে। 

ইপিএফঅ’