/asomiyapratidin/media/media_files/2025/06/25/epfo-2025-06-25-12-26-59.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডব্যই মঙলবাৰে ঘোষণা কৰিছে যে, Employees' Provident Fund Organisation চমুকৈ EPFO ৰ সদস্যই এতিয়াৰে পৰা ৫ লাখ টকা পৰ্যন্ত আগতীয়া দাবী অট’-ছেটলমেণ্টৰ জৰিয়তে তিনিদিনৰ ভিতৰত পাব পাৰিব। উল্লেখ্য যে, পূৰ্বে EPFO ৰ সদস্যই আগতীয়া অট’ ছেটলমেণ্ট দাবী ১ লাখ পৰ্যন্তহে কৰিব পাৰিছিল।
মন্ত্ৰী মাণ্ডব্যই এই সীমা বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি কয়, এই সুবিধাই জৰুৰী সময়ত সদস্যসকলৰ বাবে তাৎক্ষণিক সহায় নিশ্চিত কৰিব।মনসুখ মাণ্ডব্যই কয়, এই পদক্ষেপে EPFO সদস্যসকলৰ বাবে আগতীয়া দাবী পোনপটীয়া ভাবে নিষ্পত্তি কৰিবলৈ সহায় কৰিব, বিশেষকৈ সংকটজনক সময়ত।”
উল্লেখ্য যে, EPFO-ৰ সদস্য সংখ্যা ৭ কোটিৰো অধিক। COVID-19 মহামাৰীৰ সময়ত অনলাইন অটো-ছেটলমেণ্ট ব্যৱস্থা আৰম্ভ হৈছিল, যাতে আৰ্থিক সংকটত পৰা সদস্যসকলক সহায় কৰিব পাৰি।
এই সেৱাৰ জৰিয়তে এতিয়া: ৰোগ, শিক্ষা, বিবাহ, আৰু ঘৰ নিৰ্মাণ আদিৰ ক্ষেত্ৰত দাবী আগবঢ়াব পৰা যায়। এই দাবীসমূহ সম্পূৰ্ণৰূপে অনলাইন মাধ্যমেৰে স্বয়ংক্ৰিয়ভাৱে নিষ্পত্তি হয়, য’ত কোনো মানবীয় হস্তক্ষেপ নাথাকে। ইয়াৰ ফলত স্বচ্ছতাও নিশ্চিত হৈছে।