/asomiyapratidin/media/media_files/2025/07/08/new-ap-web-11-11-24-new-2-2025-07-08-16-40-59.jpg)
ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ অন্তৰ্গত বৰমাৰ ওচৰৰ খাৰুৱাজানত মঙলবাৰে বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ উদ্যোগত বাক্সা জিলা ভিত্তিত উদ্যোগীৰ বৈঠক আৰু সজাগতা সভা অনুষ্ঠিত হয় । এই সভাত জি.আই টেগ আৰু হস্ততাঁত আইন সম্পৰ্কত আলোকপাত কৰা হয় ।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী । তেওঁ বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে সভাখন শুভাৰম্ভ কৰে ।
কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে বড়োলেণ্ড হেণ্ডলুম মিছনৰ জৰিয়তে ইতিমধ্যে বড়োলেণ্ডৰ শিপিনীসকলৰ আৰ্থ-সামাজিক দিশত গুৰুত্ব আৰোপ কৰা হৈছে । আজি আমি উদ্যোগী তথা ব্যৱসায়ীসকলৰ লগত বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ অগ্ৰগতিৰ বুজ লৈছো আৰু জি আই টেগ সম্পৰ্কত কিছু সজাগতা সৃষ্টি কৰা হৈছে ।
তেওঁ প্ৰমোদ বড়োৰ নেতৃত্বত সকলো দিশতে উন্নতি হৈছে আৰু আগন্তুক নিৰ্বাচনতো ইউপিপিএল জয়ী হৈ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ হ'ব বুলি মন্তব্য কৰে । আজিৰ সভাত বাক্সা জিলাৰ সহকাৰী আয়ুক্ত মৈত্ৰেয়ী সন্দিকৈ, বিটিচিৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ চি এইচ ডি হিৰণ্য দেৱীকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।