কাছাৰ কাগজ কলৰ ভূমিত স্থাপন হ'ব ইঞ্জিনিয়াৰিং আৰু ফুড প্ৰছেছিং প্ৰকল্প

প্ৰকল্প নিৰ্মাণৰ বাবে ইতিমধ্যে অসম চৰকাৰে কাছাৰ কাগজ কলৰ ২০ হেক্টৰ ভূমি হস্তান্তৰ কৰিছে ভাৰতৰ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মধ্যম শিল্প বিকাশ মন্ত্ৰণালয়ক। দেশৰ‌ ভিতৰত মুঠ ২০ টা কাৰিকৰী কেন্দ্ৰ আৰু ১০০ টা এক্সেনশ্যন কেন্দ্ৰ স্থাপন কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
কাছাৰ কাগজ কলৰ ভূমিত স্থাপন হ'ব ইঞ্জিনিয়াৰিং আৰু ফুড প্ৰছেছিং প্ৰকল্প

কাছাৰ কাগজ কলৰ ভূমিত স্থাপন হ'ব ইঞ্জিনিয়াৰিং আৰু ফুড প্ৰছেছিং প্ৰকল্প

ডিজিটেল সংবাদ, শিলচৰ : সকলো জল্পনা -কল্পনাৰ অন্ত পেলাই অৱশেষত কাছাৰ কাগজ কলৰ ভূমিত স্থাপন কৰা হ'ব দুটা নতুন উৎপাদন ইউনিট আৰু দুটা প্ৰশিক্ষণ কেন্দ্ৰ। ভাৰত চৰকাৰৰ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মধ্যম শিল্প বিকাশ মন্ত্ৰণালয় চমুকৈ এম এছ এম ইৰ অন্তৰ্গত Establishment of New Technology Centres আৰু Extension Centres প্রকল্পৰ  অধীনত এই প্রযুক্তি কেন্দ্রকেইটা স্থাপন কৰা হ'ব।

Advertisment

এই প্ৰকল্প নিৰ্মাণৰ বাবে ইতিমধ্যে অসম চৰকাৰে কাছাৰ কাগজ কলৰ ২০ হেক্টৰ ভূমি হস্তান্তৰ কৰিছে ভাৰতৰ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মধ্যম শিল্প বিকাশ মন্ত্ৰণালয়ক। দেশৰ‌ ভিতৰত মুঠ ২০ টা কাৰিকৰী কেন্দ্ৰ আৰু ১০০ টা এক্সেনশ্যন কেন্দ্ৰ স্থাপন কৰা হ'ব।

কাছাৰ কাগজ কলৰ ভূমিত স্থাপন হ'ব ইঞ্জিনিয়াৰিং আৰু ফুড প্ৰছেছিং প্ৰকল্প
কাছাৰ কাগজ কলৰ ভূমিত স্থাপন হ'ব ইঞ্জিনিয়াৰিং আৰু ফুড প্ৰছেছিং প্ৰকল্প

 

ইয়াৰে এই ২০ টা  কাৰিকৰী কেন্দ্ৰৰ‌ ভিতৰত কাছাৰ কাগজ কলৰ ভূমিত এটা কেন্দ্ৰ স্থাপন কৰা হ'ব।  এই নতুন প্ৰকল্প স্থাপন সন্দৰ্ভত ইতিমধ্যে কাছাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এম এছ এম ইসহ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাও অনুষ্ঠিত হয়।  এই প্ৰকল্পৰ‌ অধীনত জেনেৰেল ইঞ্জিনিয়াৰিং, টেষ্ট  আৰু ফুড প্ৰছেছিঙৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ লগতে জেনেৰেল ইঞ্জিনিয়াৰিঙ আৰু আৰু ফুড প্ৰছেছিঙৰ সামগ্ৰী উৎপাদন কৰা হ'ব বুলি জানিবলৈ দিয়ে এম এছ এম ই বিভাগৰ শিলচৰৰ দায়িত্বত থকা সহঃ সঞ্চালক  গনেশ দাসে ।

cachar paper mill