/asomiyapratidin/media/media_files/2025/02/28/xr10TWS3ImIChBQOYGuT.jpg)
ৰাইডঙীয়াত 'মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা' সন্দৰ্ভত বৃত্তিমূলক প্ৰশিক্ষণৰ সামৰণি
ডিজিটেল সংবাদ, বটদ্ৰৱা : "কৃষিত বিজ্ঞানৰ প্ৰয়োগ নিতান্তই প্ৰয়োজন। আমাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ খাদ্যশস্যৰ উৎপাদনতকৈ বহুত বেছি। আমাৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ আমি কৃষিত উৎপাদন বৃদ্ধি কৰিব লাগিব, ফলত আয় দুগুণ হ'ব, জীৱনধাৰণ উন্নত মানৰ হ'ব।" এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মূৰব্বী ড০ নিৰঞ্জন ডেকাৰ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত যোৱা ২৪ ফেব্ৰুৱাৰীক পৰা আৰম্ভ হোৱা পাঁচদিনীয়া মাটিৰ স্বাস্থ্য ব্যৱস্থাপনাৰ ওপৰত বৃত্তিমূলক প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য প্ৰদান কৰে। নগাঁও জিলাৰ ৰাইডঙীয়া মিহিৰাম আতা ভৱনত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানৰ আঁত ধৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে "এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ পাছত আপোনালোকৰ নতুন চিন্তাৰ উন্মেষ ঘটিব, নতুন সপোন লৈ আপোনালোক আগবঢ়ি যাওঁক, আমি কৃষি বিজ্ঞান কেন্দ্ৰ আপোনালোকৰ লগত সহযোগ কৰিম" বুলি ভাষণত উল্লেখ কৰে।
অনুষ্ঠানত নিমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই "মানুহ বা অন্য জীৱ জন্তুৰ দৰে, মাটিকো খাদ্য দিব লাগে। অকল ৰাসয়নিক সাৰ মাটিৰ খাদ্য হ'বই নোৱাৰে। আচলতে পচন সাৰ দিয়াৰ পাছতহে ৰাসয়নিক সাৰ দিব লাগে। আৰু যধে -মধে কীটনাশক ব্যৱহাৰ পৰিহাৰ কৰিব লাগে।" বুলি প্ৰকাশ কৰে।
এই পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ বিগত দিনসমূহত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, সামুহিক বিজ্ঞান বিশেষজ্ঞা ড০ আছফিকা ইছলাম, কাৰ্যসূচী সহায়ক(মীন) ৰূপক কুমাৰ টায়ে, পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকা, কৃষি উন্নয়ন বিষয়া যুগ জ্যোতি চৌধুৰী, হৰিপ্ৰিয়া বৰা, গোলাপ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰে।
সাংবাদিক দিব্যজ্যোতি বৰুৱা, "গীতাঞ্জলী ব্লেক গল্ড" শীৰ্ষক ক্ষুদ্ৰ উদ্যোগৰ সঞ্চালক প্ৰভাত চন্দ্ৰ দাস, মনোৰঞ্জন শইকীয়াকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা আজিৰ এই সামৰণি অনুষ্ঠানটিত জ্যোতিৰ্ময় হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানতে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰগতিশীল কৃষকসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।