/asomiyapratidin/media/media_files/2025/05/04/3rIawCy62Eo839DGuZJN.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ জাপি বাটচ'ৰাৰ সন্মুখত অনুষ্ঠিত অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে। বিয়লি সামৰণি পৰাৰ লগে লগে ডবা, শংখ হৰিধ্বনি দিয়া হয়।
সামৰণিৰ পাছত বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে শাস্ত্ৰৰ উত্তম ভাগৱতৰ তাৎপৰ্য চমুকৈ বৰ্ণনা কৰে। বটদ্ৰৱা নৰোৱা সত্রৰ ডেকা সত্ৰীয়া প্ৰদীপ গোস্বামী আৰু পাঠক নৱ কুমাৰ ভূঞাই আঁত ধৰা ভাগৱত সামৰণি অনুষ্ঠানটিত উপস্থিত থাকি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত অনুষ্ঠিত ভাগৱত পাঠৰ বৈকুণ্ঠ সদৃশ পৰিবেশত উপস্থিত থাকি, নিজকে ধন্য মানিছো" বুলি কয়।
বটদ্ৰৱা থানৰ নামলগোৱা লক্ষী আতৈয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত নামলগোৱা ডম্বৰুধৰ গায়ন, দেবেন আতৈৰ লগতে পাঠক, দেউৰী, ভকত বৈষ্ণৱ, আইমাতৄ সহ সহস্ৰাধিক লোক উপস্থিত থাকে। আনহাতে নিশালৈ অঞ্চলৰ কণ কণ শিশুসকলৰ অভিনয়েৰে "কুৰুক্ষেত্ৰক অৱসান" ভাওনা মঞ্চস্থ কৰা হয়।