Advertisment

গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি

সুদীৰ্ঘ ১৪৪ বছৰৰ পাছত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা দেশৰ অন্যতম ধৰ্মীয় মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে অসম আৰু অসমীয়াৰ ধৰ্মীয় ৰাজহাড় 'নামঘৰে' বিশেষ স্থান লাভ কৰিলে

author-image
Asomiya Pratidin
New Update
গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি

গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি

ডিজিটেল সংবাদ, প্ৰয়াগৰাজ : সুদীৰ্ঘ ১৪৪ বছৰৰ পাছত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা দেশৰ অন্যতম ধৰ্মীয় মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে অসম আৰু অসমীয়াৰ ধৰ্মীয় ৰাজহাড় নামঘৰে বিশেষ স্থান লাভ কৰিলে ৷ গ্ৰহ-নক্ষেত্ৰৰ এক বিৰল স্থিতিৰ মহাজাগতিক পৰিঘটনাৰ সময়ত অনুষ্ঠিত হোৱা এই মহাকুম্ভত প্ৰায় ৪৫ কোটি লোকৰ সমাগম হোৱাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধুসন্তৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ পৰা প্ৰায় ১২৮ গৰাকী ধৰ্মগুৰুৱে মহাকুম্ভত অংশগ্ৰহণ কৰিছে ৷ 

Advertisment

গংগা , যমুনা আৰু সৰস্বতী নদীৰ ত্ৰিবেণী সংগমস্থলত আয়োজন হোৱা এই মহাকুম্ভ মেলাত এই বৰ্ষত গুৰুজনাৰ অমৰ সৃষ্টি নামঘৰ প্ৰতিষ্ঠা হোৱাৰ লগতে হৰিনামৰ ধ্বনিৰে ত্ৰিবেণী সংগম স্থলী মুখৰিত হৈ পৰিছে ৷ মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ তত্ত্বাৱধানত, স্বামী কেশৱ দাসৰ নেতৃত্বত এইবাৰ প্ৰয়াগৰাজত ৰাজীৱ কাকতি, লক্ষীৰাম বৰুৱাসহিতে সত্ৰখনৰ পৰা যোৱা ৫জন বৈষ্ণৱে ১৬ দিনত নিৰ্মাণ কৰি উলিওৱা নামঘৰত ২১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অখণ্ড ভাগৱত পাঠৰ মঙলবাৰে সামৰণি পৰে ৷ 

 

সাতদিনীয়াকৈ অনুষ্ঠিত 'ভাগৱত পাঠ' অনুষ্ঠানত ৰাজ্যৰ পৰা যোৱা হাজাৰ হাজাৰ ভক্তই ভাগৱত শ্ৰৱণ কৰাৰ লগতে বিভিন্ন দেশ-বিদেশৰ সাধুসন্তই শ্ৰৱণ কৰে ভাগৱত পাঠ ৷ উল্লেখ্য যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও অলপতে ভাগৱত শ্ৰৱন কৰি ৰাজ্যৰ মান,গুৰুজনাৰ অমৰ সৃষ্টি নামঘৰে মহাকুম্ভত স্থান পোৱাটো ৰাজ্যবাসীৰ বাবেই গৌৰৱ বুলি কোৱাৰ লগতে পীঠস্থান 'কামাখ্যা'ৰ আৰ্হিত নিৰ্মাণ কৰা মন্দিৰেও ৰাজ্যৰ এক সুকীয়া পৰিচয় মহাকুম্ভ মেলাত ফুটাই তুলিছে বুলি মন্তব্য কৰিছিল ৷ 

গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি 
গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি 

 

ইফালে আজি সামৰণি হোৱা ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ পৰা যোৱা সত্ৰাধিকাৰসকলৰ লগতে সন্তসাধুসকলে ভাগৱতত সেৱা লয় ৷ সেৱাৰ অন্তত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে কয় যে যোৱা ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত সাঁতদিনীয়া ভাগৱত পাঠৰ আজি অন্ত পৰিছে ৷ আজিৰ সামৰণি অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অহা সকলো জাতিজনগোষ্ঠীৰ ধৰ্মগুৰুসকলে আজি ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানত সেৱালৈ দেশৰ মংগল কামনা কৰিছে ৷ 

গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি 
গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি 

 

তেওঁ আৰু কয় যে আজি ভাগৱতৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰামবিজয় ভাওনাৰ এটি খণ্ড দৃশ্য পৰিৰ্দশন কৰাৰ লগতে গৰুজনাৰ অমৰ সৃষ্টি বৰগীত পৰিৱেশন হয় ৷ আজি পুৱাৰ ভাগত শোভাযাত্ৰা আৰু নামপ্ৰসংগৰ কাৰ্যসূচীও অনুষ্ঠিত হয় বুলি সত্ৰাধিকাৰ গৰাকীয়ে জানিবলৈ দিয়াৰ লগতে আজি উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকল মাজুলীলৈ ঘুৰি অহাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ৷ 

ইফালে গুৰুজনাৰ অপূৰ্ব সংস্কৃতিৰ দৰ্শন লাভ কৰি অভিভূত হৈ পৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থী ৷ প্ৰথমবাৰৰ বাবে ১৫ জন ভকতে সাতদিন, সাতৰাতি পাঠ কৰে বৈকুণ্ঠ শাস্ত্ৰ ভাগৱত ৷ এক কথাত হৰিনামৰ ধ্বনিৰে প্ৰথমবাৰলৈ মুখৰিত হৈ পৰিল  গংগাৰ পাৰ ।  

 

আনহাতে প্ৰাগজ্যোতিষ ক্ষেত্ৰত ভাগৱত শ্ৰৱণ কৰি  শ্ৰীশ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ, শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীয়ে কয়- ভাৰতবৰ্ষৰ দ্বিতীয় আধ্যাত্মিক ক্ষেত্ৰ মহাকুম্ভমেলাৰ সাধুসন্তৰ সৈতে গংগা স্নান আৰু বিশ্বৰ সাধুসন্তক দৰ্শন কৰি আপ্লুত হৈছে। লগতে  বিশ্বৰ এই বৃহৎ ধৰ্মীয় আধ্যাত্মিক ক্ষেত্ৰত জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ অমৰ সৃষ্টি নামঘৰ , মনিকুট প্ৰতিষ্ঠা হোৱাটো গৌৰৱৰ কথা বুলি উল্লেখ কৰে ৷  

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলাৰ চেক্টৰ '৭ 'ত নিৰ্মান হোৱা প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰৰ অস্থায়ী নামঘৰ, মনিকূট ,ৰাঙলী চ’ৰাৰ উপৰিও নিৰ্মান কৰা কামাখ্যা মন্দিৰত এতিয়া হাজাৰোধিক ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। লগতে প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় সংস্কৃতিৰ বিশেষ প্ৰৰ্দশনী স্থানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে, লোকে লোকাৰণ্য পৰিৱেশৰ সূচনা কৰে  ৷ 

গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি 
গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি 

 

আধ্যাত্মিকতাই পোজ্বল প্ৰয়াগৰাজৰ মহাকুম্ভত এই বৰ্ষত ১১ হাজাৰ ত্ৰিশূলে বেৰি ৰখা স্থানত ৭ কোটি ৫১ লাখ ৰুদ্ৰাক্ষৰে নিৰ্মিত হৈছে ১২টা জ্যোতিলিংগ  ৷ দিনক দিনে বঢ়া কোটি কোটি ভক্তৰ বাবে বিশেষ আকৰ্ষণীয় হৈ পৰিছে  ১২ জ্যোতি লিংগ ৷  চেক্টৰ ৬ত থকা এই  লিংগ স্থান দৰ্শন  কৰি আপোনপাহৰা হোৱা ভক্তসকলে   চেক্টৰ '৭' ত  উপস্থিত হৈ গুৰুজনাৰ ভাগৱতৰ ৰসমৃত পাণ কৰা দৃশ্যই আনন্দতে আৱেগিক কৰি তোলে ৰাজ্যৰ পৰা যোৱা প্ৰাগজ্যোতিষ ক্ষেত্ৰত জড়িত  থকা ভকতবৈষ্ণৱসকলক ৷

মহাকুম্ভ মেলা