ওদালগুৰি প্ৰেছ ক্লাবৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

ওদালগুৰি সংবাদ জগতৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তি তথা সংবাদ কৰ্মীৰ প্ৰয়োজন আৰু সুবিধাৰ্থে স্থাপিত হোৱা ওদালগুৰি প্ৰেছ ক্লাবৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন আৰু পুনৰ নিৰ্মাণ ভৱন মুকলি অনুষ্ঠানটো দেওবাৰে অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
ওদালগুৰি প্ৰেছ ক্লাবৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

ওদালগুৰি প্ৰেছ ক্লাবৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি সংবাদ জগতৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তি তথা সংবাদ কৰ্মীৰ প্ৰয়োজন আৰু সুবিধাৰ্থে স্থাপিত হোৱা ওদালগুৰি প্ৰেছ ক্লাবৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন আৰু পুনৰ নিৰ্মাণ ভৱন মুকলি অনুষ্ঠানটো দেওবাৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি আজি পুৱা বিটিআৰ'ৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে পুনৰ নিৰ্মান ভৱনটি শুভ উদ্বোধন কৰে।

Advertisment

তেওঁ প্ৰদান কৰা ভাষণত ওদালগুৰি প্ৰেছ ক্লাবৰ ভৱনটো পুনৰ নিৰ্মাণ কাৰ্য সুন্দৰকৈ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি প্ৰেছ ক্লাবৰ আধৰুৱা হৈ থকা ভৱনটোও সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে বিটিআৰ'ৰ কাৰ্যবাহী সদস্য ড০ নিলুৎ স্বৰ্গীয়াৰীয়ে স্মৃতিগ্ৰন্থ উন্মোচন কৰি কয়- "সাংবাদিক সকল সমাজৰ প্ৰহৰী। সাংবাদিকসকল সচেতনতাৰে কাম কৰিব লাগে। সংবাদ মাধ্যমে নীতি নিৰ্দেশনাৰ লক্ষ্মনৰেখা অতিক্ৰম কৰা উচিত  নহয়। সকলো নীতি নিয়ম মানি চলাৰ প্ৰয়োজন আছে।"

অধিৱেশন উপলক্ষে পুৱা ৯ বজাত  ওদালগুৰি  প্ৰেছ ক্লাবৰ সভাপতি ধীৰেন বৈশ্যই পতাকা উত্তোলন কৰাৰ পিছত প্ৰেছ ক্লাবৰ  সম্পাদক গুণজিৎ দাসে স্মৃতি তৰ্পণ কৰে।  উদ্বোধনী সভাত সভাপতিত্ব কৰে ওদালগুৰি প্ৰেছ ক্লাবৰ সভাপতি ধীৰেন বৈশ্যই।

উক্ত উদ্বোধনী সভাতেই  গৌতম জ্যোতি তালুকদাৰৰ দ্বাৰা সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ "সংবাদ" উন্মোচন কৰে বি টি আৰ'ৰ কাৰ্যবাহী সদস্য তথা জনসংযোগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ই এম ড০ নিলোৎ স্বৰ্গীয়াৰীয়ে। উক্ত উদ্বোধনী সভাত অতিথিৰূপে উপস্থিত থাকি সভাত ওদালগুৰিৰ বিশিষ্ট সমাজকৰ্মী তথা স্মৃতিগ্ৰন্থৰ দাতা মিনন মোছাহাৰীয়ে বক্তব্য প্ৰদান কৰে।

উদ্বোধনী  অনুষ্ঠানৰ অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে বিশিষ্ট নাগৰিক ফণীধৰ ওজা, সমাজকৰ্মী খগেন চৌধুৰী, ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গজেন্দ্ৰ নাথ গায়ন, জিলা সাহিত্য সভাৰ উপ সভাপতি ভদ্ৰকান্ত শৰ্মা, ওদালগুৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিগ্ৰাই বসুমতাৰী, প্ৰেছ ক্লাবৰ প্ৰাক্তন  সদস্য খনিন বায়ন, বিশিষ্ট সমাজকৰ্মী ডালিম বায়ন, অৱসৰী শিক্ষক থুনুৰাম দাস, প্ৰেছ ক্লাবৰ উপদেষ্টা বৈদ্যনাথ উপাধ্যায়, ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি বিতোপন দাস, প্ৰেছ ক্লাবৰ উপদেষ্টা গৌতম জ্যোতি তালুকদাৰ, সহকাৰী সম্পাদক অখিল কলিতা আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে।

শলাগৰ শৰাই আগবঢ়াই সম্পাদক গুণজিৎ দাসে। বিয়লি ৫ বজাত অনুষ্ঠিত ওদালগুৰি প্ৰেছ ক্লাবৰ একাদশ দ্বি বাৰ্ষিক অধিৱেশন উপলক্ষে সভাপতি ধীৰেন বৈশ্য সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত ২০২৫-২০২৭ বৰ্ষৰ বাবে গুণজিৎ দাসক সভাপতি, বৈদ্যনাথ উপাধ্যায়ক উপ সভাপতি, অখিল কলিতাক সম্পাদক, অঞ্জনজ্যোতি শৰ্মাক সহকাৰী সম্পাদক, ধনদ্বীপ বৰাক কাৰ্যালয় সম্পাদক হিচাপে লৈ ওদালগুৰি প্ৰেছ ক্লাবৰ নতুন সমিতি খন গঠন কৰা হয়।

ওদালগুৰি জিলা