/asomiyapratidin/media/media_files/2025/08/02/1-2025-08-02-21-06-06.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰিত আজি বিয়লি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। মহিলা আয়োগক মাৰ পিট কৰিবলৈ হাতে হাতে লাঠি লৈ ওলাই আহে একাংশ বেদখলকাৰীয়ে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, বাটমাৰি গাঁৱৰ দুই বাই-ভনী ক্ৰমে ছৰুজ বানু আৰু তাৰা বানুৰ মাজত দীৰ্ঘ দিন ধৰি ৭ বিঘা মাটি লৈ বিবাদ চলি আছিল।
প্ৰায় ২০ বছৰ ধৰি আদালতত গোচৰ চলি আছিল। ৬ মাহ মান আগতে আদালতৰ নিৰ্দেশ অনুযায়ী উক্ত মাটিখিনি ধিং ৰাজহ চক্ৰ কাৰ্যালয়ে ছুৰুজ বানুক চমজায় দিছিল। খালি মাটিত ছুৰুজ বানুয়ে কেইবাবাৰো বাসগৃহ নিৰ্মাণ কৰিবলৈ বিচাৰে যদিও বেদখলকাৰীয়ে বাধা প্ৰদান কৰে।
আজি নগাঁও জিলাৰ মহিলা আয়োগৰ সদস্যা মামনি বৰাৰ লগতে ছাহেবা আহমেদে ছুৰুজ বানুৰ পৰিয়ালৰ লোকক লগত লৈ উক্ত মাটিখিনি পৰিদৰ্শন কৰিবলৈ আহোতেই বেদখলকাৰীয়ে হাতে হাতে লাঠি লৈ মাৰপিট কৰিবলৈ অহাৰ লগে লগে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ পৰে।
বেদখলকাৰীয়ে মহিলা আয়োগৰ সদস্য সকলক শাৰিৰীক বাবে অপদস্ত কৰে। এই ঘটনাৰ পাছতে মহিলা আয়োগে ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপৰ দাবী কৰে।