Advertisment

বিগত দহ বছৰত ৩৬ শতাংশ বৃদ্ধি কৰ্ম সংস্থাপনঃ মানসুখ মাণ্ডবিয়া

কৃষি খণ্ডৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ইউ পি এৰ কাৰ্যকালত ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত নিয়োগ ১৬ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে মোডীৰ কাৰ্যকালত ২০১৪ -২০২৩ চনৰ ভিতৰত ১৯ শতাংশ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডবিয়াই বৃহস্পতিবাৰে উল্লেখ কৰে যে দেশত নিয়োগ ৩৬ শতাংশ বৃদ্ধি পাই ২০১৪-১৫ চনত ৪৭.১৫ কোটিৰ পৰা ২০২৩-২৪ চনত ৬৪.৩৩ কোটি হৈছে।  যিটোৱে এন ডি এৰ সময়ছোৱাত চাকৰি সৃষ্টিৰ ক্ষেত্ৰত উন্নতি দেখুৱাইছে।

Advertisment

 

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ইউ পি এৰ অধীনত নিয়োগ মাত্ৰ প্ৰায় ৭ শতাংশ বৃদ্ধি পাইছিল ।

তেওঁ উল্লেখ কৰে যে ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ইউ পি এ চৰকাৰৰ অধীনত মাত্ৰ ২.৯ কোটি অতিৰিক্ত চাকৰিৰ সৃষ্টি হৈছিল আনহাতে ২০১৪-২৪ চনৰ ভিতৰত মোডী চৰকাৰৰ অধীনত ১৭.১৯ কোটি চাকৰি সংযোজন কৰা হৈছে ।

 

কেৱল যোৱা এটা বছৰত (২০২৩-২৪) মোডী চৰকাৰে দেশত প্ৰায় ৪.৬ কোটি চাকৰিৰ সৃষ্টি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

দেশত চাকৰি সৃষ্টিৰ বাবে চৰকাৰৰ ওপৰত হেঁচা পৰাৰ পটভূমিত এই তথ্যই তাৎপৰ্য্য গ্ৰহণ কৰিছে।

 

কৃষি খণ্ডৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ইউ পি এৰ কাৰ্যকালত ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত নিয়োগ ১৬ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে মোডীৰ কাৰ্যকালত ২০১৪ -২০২৩ চনৰ ভিতৰত ১৯ শতাংশ বৃদ্ধি পাইছে।

 

একেদৰে ইউ পি এৰ কাৰ্যকালত ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে উৎপাদন খণ্ডত নিয়োগ মাত্ৰ ৬ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে মোদীৰ কাৰ্যকালত ২০১৪-২০২৩ চনৰ ভিতৰত ১৫ শতাংশ বৃদ্ধি পাইছে।

তেওঁ লগতে উল্লেখ কৰে যে ২০১৭-১৮ চনত নিবনুৱাৰ হাৰ (ইউ আৰ) ৬ শতাংশৰ পৰা ২০২৩-২৪ চনত ৩.২ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে ২০১৭-১৮ চনত নিয়োগৰ হাৰ (ডব্লিউ পি আৰ) ২০১৭-১৮ চনত ৪৬.৮ শতাংশৰ পৰা ২০২৩-২০২২ চনত ৫৮.২ শতাংশলৈ বৃদ্ধি পাইছে।

 

একেদৰে তেওঁ জনোৱা মতে, ২০১৭-১৮ চনত শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ ৪৯.৮ শতাংশৰ পৰা ২০২৩-২৪ চনত ৬০.১ শতাংশলৈ বৃদ্ধি পাইছে।

 

আনুষ্ঠানিক চাকৰি বজাৰত যোগদান কৰা যুৱক-যুৱতীসকলৰ বৃদ্ধিৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে এইটোও জনাইছে যে যোৱা সাত বছৰত (ছেপ্টেম্বৰ ২০১৭- ছেপ্টেম্বৰ ২০২৪ৰ ভিতৰত) ৪.৭ কোটিৰো অধিক যুৱকে (বয়স ১৮-২৮ বছৰ) কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (ইপিএফঅ’)ত যোগদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰ