ভোগালীৰ উলাহৰ মাজতো দৰমহা নাপালে হেজাৰ হেজাৰ কৰ্মচাৰীয়ে...

ভোগালীৰ উলাহৰ মাজতো দৰমহা নাপালে হেজাৰ হেজাৰ কৰ্মচাৰীয়ে...

ডিজিটেল ডেস্ক : ৰাজ্যৰ চুকে-কোণে এতিয়া ভোগালীক আদৰাৰ বিৰামহীন ব্যস্ততা । কাইলৈ মাঘ বিহুৰ উৰুকা । স্বাভাৱিকতেই উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে অসমীয়াই । সৰ্বত্ৰ উখল মাখল পৰিৱেশৰ মাজতে হেজাৰ হেজাৰ কৰ্মচাৰীৰ বাবে যেন কঙালীত পৰিণত হৈছে ভোগালী ।

উৰুকাৰ প্ৰাক্ ক্ষণতো প্ৰাপ্য দৰমহাকেইটা লাভ নকৰাত এতিয়া এই সকল চৰকাৰী বিষয়া-কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগিছে । এমাহ, দুমাহ নহয়, একাংশ বিষয়া-কৰ্মচাৰীয়ে ৫ মাহ, কোনোৱে ৩৭ মাহ, আন কোনোৱে আকৌ ৭২ মাহ পৰ্যন্ত পোৱা নাই দৰমহা । বহুতেই ভোগালী বিহুৰ আগমূহুৰ্তত চৰকাৰে দৰমহা কেইটা মোকলাই দিব বুলি গভীৰ আশাৰে বাট চাই আছিল । কিন্তু শেষ মূহুৰ্ততো দৰমহা মুকলি নোহোৱাত এইসকল দুৰ্ভগীয়া বিষয়া-কৰ্মচাৰীৰ লগতে পৰিয়ালবৰ্গৰ মাজত জ্বলিছে ক্ষোভৰ জুই । ভোগালী কঙালী হোৱাৰ দিশে উপক্ৰম হৈছে ৫ সহস্ৰাধিক পৌৰ নিকায় কৰ্মচাৰীৰ । ৰাজ্যখনৰ পৌৰসভাভেদে পৌৰ কৰ্মচাৰীসকলে ছমাহৰ পৰা সুদীৰ্ঘ ৩৭ মাহ পৰ্যন্ত লাভ কৰা নাই দৰমহা ।

বৰ্তমান অসমত ষষ্ঠ অনুসূচীকে ধৰি মুঠ ১০৩ খন পৌৰসভা আছে । এই পৌৰকৰ্মী সকলে সকলো ধৰণৰ আচনি, উন্নয়নমূলক কাম অতদিনে সফলতাৰে ৰূপায়ন কৰি আহিছে, কিন্তু মাহৰ পিছত মাহ ধৰি নিজে প্ৰাপ্য দৰমহা নাপাই ক্ষোভত ভাঙি পৰিছে কৰ্মচাৰীসকল । কেৱল বিহু বুলিয়েই নহয় বৰং সন্তানক স্কুল-কলেজলৈ পঠোৱা বন্ধ কৰিব লগীয়া হৈ গৈছে এই সকল লোকে ।

এই সন্দৰ্ভত কৰ্মচাৰী সকলৰ মন্তব্য অনুসৰি, বিগত নৱেম্বৰ মাহতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৯৮ কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু বিত্ত বিভাগে এই ধন আজিকোপতি মোকলাই নিদিলে । ফলত ৫ সহস্ৰাধিক কৰ্মচাৰীয়ে আজি চৰম দুৰ্যোগৰ মাজত দিন কটাব লগীয়া হৈছে । এনেদৰেই এতিয়া সময়মতে দৰমহাকেইটা নোপোৱাত হেজাৰ হেজাৰ কৰ্মচাৰীৰ বাবে ভোগালীৰ আনন্দ নিৰানন্দতহে পৰিণত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in