ঈদৰ বন্ধ শেষ, কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই একাংশ কৰ্মচাৰীৰ

ঈদৰ বন্ধ শেষ, কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই ৰঙিয়াৰ আৰিমত্ত গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলৰ । দুপৰীয়া ১১ বজালৈ কাৰ্যালয়টোত নাই ৫ গৰাকী কৰ্মচাৰী । চকীদাৰে কাৰ্যালয়টোৰ দুৱাৰ খুলিছে ঠিকে, কিন্তু আন পাঁচ গৰাকী কৰ্মচাৰীৰ নাই কোনো খবৰ ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
দুপৰীয়া ১১ বজালৈ নাহে কৰ্মচাৰী

দুপৰীয়া ১১ বজালৈ নাহে কৰ্মচাৰী

ডিজিটেল সংবাদ, ৰঙিয়া: ঈদৰ বন্ধ শেষ, কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই ৰঙিয়াৰ আৰিমত্ত গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলৰ। দুপৰীয়া ১১ বজালৈ কাৰ্যালয়টোত নাই ৫ গৰাকী কৰ্মচাৰী। চকীদাৰে কাৰ্যালয়টোৰ দুৱাৰ খুলিছে ঠিকে, কিন্তু আন পাঁচ গৰাকী কৰ্মচাৰীৰ নাই কোনো খবৰ। স্থানীয় লোকসকলে বিভিন্ন কামত গৈ কাম অবিহনেই উভতিব লগা হৈছে । আৰিমত্ত গাঁও পঞ্চায়তৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ জনতাৰ।

অভিযোগ অনুসৰি প্ৰায়ে আৰিমত্ত গাঁও পঞ্চায়তৰ কাৰ্যালয়টোত সময়মতে উপস্থিত নহয় কৰ্মচাৰী। ৰাইজে সোধপোচ কৰিলে কোনোৱে যদি কয় ফিল্ড ডিউটিত আছে, আন কোনোয়ে কয় ৰঙিয়া সমজিলা কাৰ্যালয়ত আছে। যাৰবাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজৰ মতে, এই অৱস্থা কেৱল কৰ্মচাৰীসকলৰ দায়িত্বহীনতা আৰু উদাসীনতাৰ প্ৰতিফলন । এনেদৰেই চৰকাৰী দৰমহা ঘৰত বহি বহি লৈ থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে। 

চৰকাৰী কৰ্মচাৰী