/asomiyapratidin/media/media_files/2025/05/02/41NyeZ6FNfNfqSHCZD93.jpg)
পদোন্নতি কৰ্মচাৰীৰ অধিকাৰ নহয়
ডিজিটেল ডেস্ক: এজন কৰ্মচাৰীৰ পদোন্নতিৰ অধিকাৰ নাই, কিন্তু যদি তেওঁ অযোগ্য নহয় তেন্তে তেওঁৰ পদোন্নতিৰ কথা বিবেচনা কৰিব পৰা যাব।এটা গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। তামিলনাডুৰ এজন আৰক্ষী কনিষ্টবলৰ আৱেদন শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে এই মন্তব্য কৰে।
এই গোচৰত কনিষ্টবলজনে উপ-পৰিদৰ্শক পদলৈ পদোন্নতিৰ বাবে বিবেচনা নকৰাৰ সন্দৰ্ভত আদালতৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে, ‘এজন কৰ্মচাৰীৰ প্ৰত্যক্ষ পদোন্নতিৰ অধিকাৰ নাই বুলি এটা নিৰ্ধাৰিত নীতি আছে, কিন্তু যদি তেওঁ অযোগ্য নহয় তেন্তে পদোন্নতিৰ বাবে বিবেচনা কৰাৰ অধিকাৰ আছে। এই ক্ষেত্ৰত সেই অধিকাৰ অন্যায়ভাৱে কাঢ়ি লোৱা হ’ল।”
উল্লেখযোগ্য যে, চেক পোষ্টত কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাত এজন সহকৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল কনিষ্টবলজনৰ বিৰুদ্ধে। ইয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰু অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। অৱশ্যে অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত আদালতে তেওঁক দোষমুক্ত কৰে। কিন্তু আৰক্ষী অধীক্ষকে কনিষ্টবলজনক পদোন্নতিৰ বাবে বিবেচনা কৰা নাছিল।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে যেতিয়া ইতিমধ্যে শাস্তি হ্ৰাস কৰা হৈছে, তেতিয়া ২০১৯ চনত তেওঁক পদোন্নতিৰ বিবেচনাৰ পৰা বাদ দিয়াটো ভুল আছিল। আদালতে কনিষ্টবলজনক পদোন্নতিৰ বাবে বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে। যদি তেওঁ যোগ্য বুলি ধৰা পৰে তেন্তে ২০১৯ চনৰ পৰা তেওঁক পদোন্নতি দিব লাগে আৰু লগতে সকলো সুবিধাও দিব লাগে। ইয়াৰ উপৰিও আদালতে এইটোও স্পষ্ট কৰি দিয়ে যে বয়সৰ সীমা অতিক্ৰম কৰিলেও তেওঁক পদোন্নতিৰ বাবে বিবেচনাৰ পৰা বঞ্চিত কৰিব নোৱাৰি, কাৰণ এইটো তেওঁৰ নহয় বিষয়াসকলৰ দোষ আছিল।