Advertisment

ডিফুত বিশিষ্ট লেখক ৰেকিবুদ্দিন আহমেদৰ "কাৰবি : ইতিহাস আৰু সংস্কৃতি'' শীৰ্ষক গ্ৰন্থ উন্মোচন

কাৰ্বি আংলং জিলাৰ বিশিষ্ট লেখকসকলৰ ভিতৰত অন্যতম হৈছে ৰেকিবুদ্দিন আহমেদ। স্বভাৱতে এগৰাকী চিন্তাশীল তথা তত্বগধুৰ লিখনিৰ বাবে লেখকগৰাকী পাহাৰীয়া জিলাখনৰ সকলোৰে মাজত অতি জনপ্ৰিয়

author-image
Asomiya Pratidin
New Update
book

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ বিশিষ্ট লেখকসকলৰ ভিতৰত অন্যতম হৈছে ৰেকিবুদ্দিন আহমেদ। স্বভাৱতে এগৰাকী চিন্তাশীল তথা তত্বগধুৰ লিখনিৰ বাবে লেখকগৰাকী পাহাৰীয়া জিলাখনৰ সকলোৰে মাজত অতি জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত হ'বলৈ সক্ষম হৈছে। 

Advertisment

এইগৰাকী লেখকৰে "কাৰবি : ইতিহাস আৰু সংস্কৃতি'' শীৰ্ষক এখন মননশীল গ্ৰন্থৰ শুভ উন্মোচন কৰা বিষয়ক লৈ আজি ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।  বালি-কাছাং ট্ৰাষ্টৰ সৌজন্যত প্ৰকাশ পোৱা উক্ত গ্ৰন্থৰ শুভ উন্মোচন কৰে কাৰ্বি ভাষা সংস্কৃতিৰ বিশিষ্ট পণ্ডিত তথা গৱেষক লুনচে তিমুঙে । 

সভাত বিশিষ্ট অতিথিৰূপে জিলাখনৰ বিশিষ্ট সাহিত্যিক বালিমাহীখ্যাত তথা পদ্মশ্ৰী ধনেশ্বৰ ইংতি , কাৰ্বি পৰিষদৰ সদস্য জনী তিমুং, বালি-কাছাং ট্ৰাষ্টৰ সঞ্চালকপ্ৰধান বদনছিং তিছ' , বিশিষ্ট সাংবাদিক মুকুল বৰুৱা, 'ছলাংদ' কাকতৰ সম্পাদক বৰছিং ৰংফাৰ, বিদ্যালয়ৰ অধ্যক্ষ লংছিং তিমুংকে প্ৰমুখ্যে কৰি ডিফুৰ বহুকেইগৰাকী গণ্য মান্য সাহিত্যিক , কবি, লেখক-লেখিকা, ছাত্ৰ-ছাত্ৰী  আৰু গ্ৰন্থ প্ৰেমীসকলো উপস্থিত থাকে। 

উল্লেখযোগ্য যে অসমৰ অন্যতম এগৰাকী সু-লেখক তথা বিশিষ্ট সাহিত্যিক পবিত্ৰ বৰাই সঞ্চালনা কৰা উক্ত গ্ৰন্থ উন্মোচনী সভাত পৰ্যালোচক হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক ভৱ প্ৰসাদ দেউৰীয়ে গ্ৰন্থ খনৰ ওপৰত বহুলভাবে তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়।

গ্ৰন্থ