বিশিষ্ট সমাজকৰ্মীৰ অনন্ত কুমাৰ দাস আৰু নাই

দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৱৰ্তী তিনিআলিৰ নিবাসী তথা  বিশিষ্ট সমাজকৰ্মী অনন্ত কুমাৰ দাসৰ ৰবিবাৰে  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে।

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সমাজকৰ্মীৰ অনন্ত কুমাৰ দাস আৰু নাই

বিশিষ্ট সমাজকৰ্মীৰ অনন্ত কুমাৰ দাস আৰু নাই

ডিজিটেল সংবাদ,পলাশবাৰী : দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৱৰ্তী তিনিআলিৰ নিবাসী তথা  বিশিষ্ট সমাজকৰ্মী অনন্ত কুমাৰ দাসৰ ৰবিবাৰে  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৪৯ চনত জন্মগ্ৰহণ কৰা দাসৰ বিগত কেইবা মাহ ধৰি মায়াস্থেনিয়া গ্র্যাভিস ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ অ্যাপোলো আন্তৰাষ্ট্ৰীয় চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল ।  

Advertisment

মৃত্যুৰ পিছতে প্ৰয়াত দাসৰ নিজ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে অসংখ্য গুণমুগ্ধই তেখেতৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উল্লেখ্য, দাস সন্মিলিত তিনিআলি সংঘ, তিনিআলি দুৰ্গা পূজা সমিতি, শ্যামা পূজা সমিতি, মেনাপাৰা ৰাজিগৰাহ, ন কলনী বিষ্ণু মন্দিৰ সমিতি , দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ মহাৰজত জয়ন্তী সমিতিৰ লগতে অনেক অনুষ্ঠান - প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ।  

মৃত্যুৰ সময়ত দাসে পত্নী, দুগৰাকী পুত্ৰ- বোৱাৰী, জী - জোৱাই,নাতি- নাতিনী আৰু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ দক্ষিণ কামৰূপত শোকৰ ছাঁ পৰে।

পলাশবাৰী