/asomiyapratidin/media/media_files/2025/02/26/BQBN17TQ3fh6qjjj69E6.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তথা ভাষাবিদ ড০ উপেন ৰাভা হাকাচামক আজি প্ৰদান কৰা হয় শ্বহীদ মণিৰাম দেৱান বটাঁ। গুৱাহাটীৰ প্ৰেছ ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদৌ অসম কলিতা ছাত্ৰ সন্থাই ২০২৫বৰ্ষৰ শ্বহীদ মণিৰাম দেৱান বটাঁ প্ৰদান কৰে বিশিষ্ট ভাষাবিদগৰাকীক।
/asomiyapratidin/media/media_files/2025/02/26/AWzt6qKYtw1FBhKP8tVB.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ পথাৰখনত ড০ উপেন ৰাভা হাকাচামৰ নিৰলস কৰ্মসাধনা আৰু নিষ্ঠা-সততাৰ বাবে এই বটাঁ আগবঢ়াইছে সদৌ কলিতা ছাত্ৰ সন্থাই। সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ সভাপতি নৱজিত বৰ্মন, সাধাৰণ সম্পাদক দীপু কুমাৰ কলিতাৰ লগতে বহুকেইখন বিশিষ্ট ব্যক্তি আৰু প্ৰায় অৰ্ধ শতাধিক লোকৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হয় ড০ হাকাচামক।
/asomiyapratidin/media/media_files/2025/02/26/zjTmqgr8ZQAmnR4aobYp.jpg)
উক্ত অনুষ্ঠানত ড০ উপেন ৰাভা হাকাচামে সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। লগতে আগন্তুক সময়ত লোক সংস্কৃতিৰ লগতে সাহিত্যৰ ভৰাঁল অধিক টনকিয়াল কৰাৰ ক্ষেত্ৰত সংগঠনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ পোষকতাও কৰে।
/asomiyapratidin/media/media_files/2025/02/26/WtbBg21OtubbrcD9eDa3.jpg)
প্ৰনিধানযোগ্য যে, ৰাষ্ট্ৰীয় লোকভাষা সন্মান, অসম প্ৰকাশন পৰিষদৰ বটাঁ, শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বটাঁ, বীৰ ৰাঘৱ মৰাণ বটাঁৰ লগতে বহুকেইটা সন্মানীয় বটাঁ ইতিমধ্যে আগবঢ়োৱা হৈছে বিশিষ্ট ভাষাবিদগৰাকীলৈ। তেওঁৰ ওপজা দিনটোও পালন কৰা হয় সৰলতাৰ দিন হিচাপে।