বিশিষ্ট সাহিত্যিক ভবানী প্ৰসাদ অধিকাৰী অসুস্থ...

বিশিষ্ট লেখক, সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ভবানী প্ৰসাদ অধিকাৰী অসুস্থ। বিশিষ্ট সাহিত্যিকগৰাকী যোৱা কিছুদিন ধৰি মহানগৰীৰ এপ’ল হাস্পতালত চিকিৎসাধীন হৈ আছে।

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাহিত্যিক ভবানী প্ৰসাদ অধিকাৰী অসুস্থ

বিশিষ্ট সাহিত্যিক ভবানী প্ৰসাদ অধিকাৰী অসুস্থ

ডিজিটেল ডেস্ক : বিশিষ্ট লেখক, সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ভবানী প্ৰসাদ অধিকাৰী অসুস্থ। বিশিষ্ট সাহিত্যিকগৰাকী যোৱা কিছুদিন ধৰি মহানগৰীৰ এপ’ল হাস্পতালত চিকিৎসাধীন হৈ আছে। এক জটিল অস্ত্ৰোপচাৰো সম্পন্ন হৈ গৈছে তেওঁৰ।

যোৱা ৩ ফেব্ৰুৱাৰীত চিকিৎসালয়ৰ পৰা তেওঁক ঘৰলৈ যাবলৈ দিয়া হয় যদিও বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। চিকিৎসকে বিশিষ্ট সাহিত্যিকগৰাকীক জিৰণিৰ পৰামৰ্শ দিছে আৰু ঘৰতে বৰ্তমান তেওঁ জিৰণি লৈ আছে। সাহিত্যিকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ গুণগ্ৰাহীসকলে।

পাণ্ডু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অধিকাৰীয়ে অসমীয়া ভাষাতত্বৰ বহু গৱেষণাধৰ্মী আৰু সমালোচনামূলক প্ৰৱন্ধৰে অসমীয়া সাহিত্যক সম্বৃদ্ধ কৰিছে। চুটিগল্প, কবিতা- গীতৰ উপৰিও নাট্য চৰ্চা কৰা অধিকাৰী সাম্প্ৰতিক সময়ৰ এজন নিয়মীয়া লেখক।

ইতিমধ্যে তেওঁ ভালেমান গ্ৰন্থ ৰচনা কৰাৰ লগতে বহুকেইখন মূল্যৱান গ্ৰন্থও সম্পাদনা কৰিছে।  ১৯৪৩ চনত নলবাৰী জিলাৰ টিহুৰ মাখিবাহাত তেওঁৰ জন্ম।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে বিশিষ্ট সাহিত্যিকগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 'মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজি'ৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল। যোৱা ৩০ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া এগৰাকীয়ে সাহিত্যিকগৰাকীলৈ আগবঢ়াইছিল ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য।

সাহিত্যিক