প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেট সুৰক্ষা সমিতিৰ জৰুৰী বৈঠক : ভাৰতত বন্ধ হ’ব পাকিস্তানী দূতাবাস

পেহেলগামৰ ঘটনাৰ পাছতে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। উক্ত ঘটনা সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰাৰ উদ্দেশ্যে বুধবাৰে সন্ধিয়া নতুন দিল্লীত এক জুৰুৰী বৈঠক অনুষ্ঠিত কৰা হয়। 

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেট সুৰক্ষা সমিতিৰ জৰুৰী বৈঠক

ডিজিটেল ডেস্ক : পেহেলগামৰ ঘটনাৰ পাছতে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। উক্ত ঘটনা সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰাৰ উদ্দেশ্যে বুধবাৰে সন্ধিয়া নতুন দিল্লীত এক জুৰুৰী বৈঠক অনুষ্ঠিত কৰা হয়। 

Advertisment

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতা অনুষ্ঠিত হোৱা কেবিনেট সুৰক্ষা সমিতিৰ এই বৈঠকত পাকিস্তানক এসেকা দিয়াৰ উদ্দেশ্যে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্ধিয়া ৬-০০ বজাৰ পৰা অনুষ্ঠিত হোৱা আঢ়ৈ ঘণ্টীয়া এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, পাকিস্তানৰ নাগৰিকক ভিছা দিয়া বন্ধ কৰা হ’ব। একেদৰে ভাৰতত বন্ধ হ’ব পাকিস্তানী দূতাবাস। ইতিমধ্যে অনাগত ৪৮ ঘণ্টাৰ ভিতৰত দূতাবাস খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে।

তাৰোপৰি প্ৰত্যাহাৰ কৰা হৈছে সিন্ধু জল চুক্তি। বন্ধ কৰা হ’ব অটাৰী- ৱাঘা সীমান্তৰ চেকপ’ষ্ট। এই সমূহ সিদ্ধান্তৰ উপৰি পাকিস্তানৰ বিৰুদ্ধে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত পৰৱৰ্তী সময়ত লোৱাৰ সম্ভাৱনা আছে।

আজিৰ এই বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত থাকে।

amith shah narendra modi