Advertisment

দিল্লীত নতুন বিলাসী গৃহৰ প্ৰকল্পত ইমাৰে ব্যয় কৰিব ১০০০ কোটি...

ইমাৰৰ ভাৰতীয় বিনিয়োগকাৰী ইমাৰ ইণ্ডিয়াই নতুন দিল্লীৰ সমীপৱৰ্তী গুকুগ্ৰামৰ ছেক্টৰ ৬২ ত নিৰ্মাণ কৰিব এক নতুন বিলাসী আৱাসিক প্ৰকল্প। এই প্ৰকল্পৰ বাবে প্ৰতিষ্ঠানটোৱে ব্যয় কৰিব এহেজাৰ কোটি টকা।

author-image
Asomiya Pratidin
New Update
DELHI 1

ডিজিটেল ডেস্কঃ বিলাসী ঘৰৰ চাহিদা এতিয়া বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এনে গৃহ নিৰ্মাণ কৰা বিনিয়োগকাৰী সকলেও এই খণ্ডত বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে। বিশ্বৰ এটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠান ইমাৰ। এই ইমাৰৰ ভাৰতীয় বিনিয়োগকাৰী ইমাৰ ইণ্ডিয়াই নতুন দিল্লীৰ সমীপৱৰ্তী গুকুগ্ৰামৰ ছেক্টৰ ৬২ ত নিৰ্মাণ কৰিব এক নতুন বিলাসী আৱাসিক প্ৰকল্প।

Advertisment

এই প্ৰকল্পৰ বাবে প্ৰতিষ্ঠানটোৱে ব্যয় কৰিব এহেজাৰ কোটি টকা। অৱশ্যে এই প্ৰকল্পৰ পৰা তেওঁলোকৰ ৰাজহ আহৰণ হ'ব প্ৰায় ২৫০০ কোটি। ইমাৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কল্যাণ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে, ইয়াৰ বাবে তেওঁলোকে ৬.১ একৰ মাটি ক্ৰয় কৰিছে। ইয়াত বিল্টআপ এৰিয়া হ'ব ১৫ লাখ বৰ্গ ফুট।

এই প্ৰকল্পত নিৰ্মাণ কৰা ঘৰসমূহ ৪ টা টাৱাৰত ভাগ কৰা হ'ব আৰু প্ৰতিটো টাৱাৰত থাকিব ৩৪ টা মহল। ৫ বছৰৰ ভিতৰত এই ঘৰ সমূহ ক্ৰেতা সকলক হস্তান্তৰ কৰিব। প্ৰকল্পটোত থকা এই ঘৰ সমূহ ২ বিএইচকে, ৩ বিএইচকে,৪ বিএইচকে আৰু প্ৰয়োজনত ৫ বিএইচকেও হ'ব পাৰে। এনে গৃহৰ এটা ইউনিটৰ নূন্যতম মূল্য ৩.৫ কোটি হ'ব।

দিল্লী