কলিয়াবৰত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মৰণোত্তৰভাৱে দেহ দান কৰা মহিলা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত গঠিত, বিজ্ঞান মনস্তত্ত্বৰ হকে উৎসৰ্গাৰ মনেৰে কৰ্মত ব্ৰতী ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসটি সমগ্ৰ অসমৰ লগতে বৃহস্পতিবাৰে কলিয়াবৰতো পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

কলিয়াবৰত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ,কলিয়াবৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মৰণোত্তৰভাৱে দেহ দান কৰা মহিলা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত গঠিত, বিজ্ঞান মনস্তত্ত্বৰ হকে উৎসৰ্গাৰ মনেৰে কৰ্মত ব্ৰতী ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসটি সমগ্ৰ অসমৰ লগতে বৃহস্পতিবাৰে কলিয়াবৰতো পালন কৰা হয়।

এই উপলক্ষে মিছা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ সভাপতি ভূপেন শৰ্মাই। ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ সম্পাদক জয়ন্ত বৰাই ইলোৰা ৰায়চৌধুৰীৰ অসামান্য দানৰ কথা উল্লেখ কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণত মঞ্চৰ ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আন এগৰাকী বক্তা ধ্ৰুৱজ্যোতি শৰ্মাই সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান জনাই কয় যে, অলৌকিক ধ্যান ধাৰণাৰ পৰা মুক্ত হ'বলৈ মানুহ বিজ্ঞান মনস্তত্ত্বৰ হ'ব লাগিব। ধৰ্মত আছে বুলিয়েই নিৰ্বিবাদে সকলো কথা মানি নলৈ যুক্তিৰ আধাৰত কৰা বিচাৰ বিবেচনাইহে মানুহক বিজ্ঞানমুখী কৰিব পাৰে।

এই অনুষ্ঠানত "প্লাষ্টিক প্ৰদূষণ ৰোধ কৰোঁ আহক" শীৰ্ষক বক্তৃতা প্ৰদান কৰে সভাপতি ভূপেন শৰ্মাই। এবাৰ ব্যৱহাৰযোগ্য পলিথিনৰ মোনা আৰু প্লাষ্টিক পানীবটলৰ ব্যৱহাৰ এৰিলেই ৫০ শতাংশ প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পাৰি বুলি মন্তব্য কৰাৰ লগতে এই বাৰ্তা প্ৰতিটো পৰিয়াললৈ লৈ যাবলৈ সভাৰ সকলোকে শৰ্মাই আহ্বান জনাই। তেওঁ লগতে উল্লেখ কৰে যে, "সমস্যা ইমানেই গভীৰ হৈছে যে মাতৃ দুগ্ধতো মাইক্ৰো প্লাষ্টিক কণিকা পোৱা গৈছে। ই কেৱল আৱৰ্জনাই হৈ থকা নাই, খাদ্য শৃংখলৰো অংশ হৈ পৰিছে।" সভাত মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বৰুৱায়ো চমু ভাষণ আগবঢ়ায়। সভাত অৱসৰী শিক্ষয়িত্ৰী জোনটি বৰুৱা আৰু শিক্ষক ভবেন্দ্ৰ বৰুৱাইও অংশগ্ৰহণ কৰে।

ইলোৰা বিজ্ঞান মঞ্চ