পূৰ্বনিৰ্ধাৰিত পথত আগুৱাব নোৱাৰি হেৰুৱাই পেলালে নিয়ন্ত্ৰণ...

সেইসময়ছোৱাত চলি আছিল স্পেচএক্সৰ লাইভ ষ্ট্ৰীমিং । ষ্ট্ৰীমিঙৰ মাজতে অনিয়ন্ত্ৰিতভাৱে ঘূৰি থকা দেখা গৈছিল ষ্টাৰশ্বিপখনক। কোম্পানীটোৱে ষ্টাৰশ্বিপখনৰ সৈতে হেৰুৱাই পেলাইছিল সকলো যোগাযোগ। ইয়াৰ কিছু সময়ৰ পিছতে ছ’চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
এলন মাস্কৰ ৰকেট

এলন মাস্কৰ ৰকেট

ডিজিটেল ডেস্ক: এইবাৰ নিয়ন্ত্ৰণ হেৰুৱালে এলন মাস্কৰ ৰকেটে। ৪০৩ ফুট ওখ (১২৩ মিটাৰ) উচ্চতাৰ  ৰকেটটোৱে সূৰ্যাস্তৰ ঠিক আগতে টেক্সাছৰ পৰা উৰা মাৰিছিল। বৃহস্পতিবাৰে (৬ মাৰ্চ) উৎক্ষেপণৰ মাত্ৰ কেইমিনিটমানৰ পিছতে ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেট নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ ফলত ইয়াৰ টুকুৰাবোৰ দক্ষিণ ফ্ল’ৰিডা আৰু বাহামাৰ ওচৰৰ আকাশত সিঁচৰতি হৈ পৰে। প্ৰথম পৰ্যায়ত স্পেচএক্সে সফলতাৰে উৰা মাৰিছিল যদিও মহাকাশযানখনে নিজৰ পূৰ্বনিৰ্ধাৰিত পথত আগবাঢ়িব নোৱাৰাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পেলালে।

Advertisment

 সেইসময়ছোৱাত চলি আছিল স্পেচএক্সৰ লাইভ ষ্ট্ৰীমিং । ষ্ট্ৰীমিঙৰ মাজতে অনিয়ন্ত্ৰিতভাৱে ঘূৰি থকা দেখা গৈছিল ষ্টাৰশ্বিপখনক। তাৰপাছতে কোম্পানীটোৱে ষ্টাৰশ্বিপখনৰ সৈতে হেৰুৱাই পেলাইছিল সকলো যোগাযোগ। ইয়াৰ কিছু সময়ৰ পিছতে ছ’চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰে, য’ত দক্ষিণ ফ্ল’ৰিডা আৰু বাহামাৰ সমীপৰ আকাশত মহাকাশযানখনৰ টুকুৰাবোৰ অগ্নিগোলকৰ দৰে পৰি থকা দেখা যায়।এই ঘটনাৰ ফলত মহাকাশ উৎক্ষেপণৰ ধ্বংসাৱশেষৰ বাবে মিয়ামি, ফ’ৰ্ট ল’ডাৰডেল, পাম বিচ আৰু অৰলেণ্ডো বিমানবন্দৰত বিমান সেৱা সাময়িকভাৱে বন্ধ হৈ পৰে।

পৰৱৰ্তী সময়ত স্পেচএক্সে এটা আপডেটত সদৰী কৰে, "উৎক্ষেপণৰ সময়ত ষ্টাৰশ্বিপে পূৰ্বনিৰ্ধাৰিত পথত দ্ৰুতগতিত আগবাঢ়িব পৰা নাছিল, যাৰ বাবে আমি যোগাযোগ হেৰুৱাই পেলাইছিলো। কিন্তু দুৰ্ঘটনাটোৰ পাছতে দলটোৱে জৰুৰীকালীন প্ৰট’কল কাৰ্যকৰী কৰাৰ চেষ্টা কৰে আৰু লগে লগে নিৰাপত্তাৰক্ষীৰ সৈতেও যোগাযোগ কৰে।" এই ঘটনাই বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।

elon musk elon mask