২০২৫ৰ শেষফালে ভাৰতলৈ আহি আছে ইলন মাস্ক...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা বাৰ্তালাপৰ পাছতে ভাৰতক লৈ উৎসুকতা বাঢ়িছে ইলন মাস্কৰ। টেছলা আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কে শনিবাৰে কয় যে -

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
elon

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা বাৰ্তালাপৰ পাছতে ভাৰতক লৈ উৎসুকতা বাঢ়িছে ইলন মাস্কৰ। টেছলা আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কে শনিবাৰে কয় যে - তেওঁ চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী। ইয়াকে লৈ তেওঁ ভাৰত চৰকাৰৰ সৈতেও আলোচনা কৰাৰ কথা সদৰি কৰে। 

Advertisment

ইলন মাস্কে কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কথা পতাটো এক গৌৰৱৰ কথা আছিল। চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ভ্ৰমণৰ বাবে মই আগ্ৰহী! উল্লেখযোগ্য যে, মাস্কক ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা হয় আৰু চৰকাৰী ব্যয় কৰ্তন আৰু ফেডাৰেল কৰ্মশক্তি হ্ৰাস কৰাৰ লক্ষ্যৰে চৰকাৰী দপ্তৰৰ বিশেষ দায়িত্ব অৰ্পন কৰা হৈছে তেওঁক।


 

ইলন মাস্ক