ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভ, আমেৰিকানৰ স্বাধীনতা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি

ইলন মাস্কে শনিবাৰে আমেৰিকাত নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে। এই দলটোৰ নাম দিয়া হৈছে ‘আমেৰিকান পাৰ্টি’। এক্সৰ জৰিয়তে ইলন মাস্কে কৰিলে এই ৰাজনৈতিক দলটো গঠন কৰাৰ কথা ঘোষণা।

author-image
Asomiya Pratidin
New Update
new ap web 3 (1)

ডিজিটেল ডেস্কঃ ইলন মাস্কে শনিবাৰে আমেৰিকাত নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে। এই দলটোৰ নাম দিয়া হৈছে ‘আমেৰিকান পাৰ্টি’। এক্সৰ জৰিয়তে ইলন মাস্কে কৰিলে এই ৰাজনৈতিক দলটো গঠন কৰাৰ কথা ঘোষণা। মাস্কৰ মতে শেহতীয়াকৈ কৰা অনলাইন সমীক্ষাত মানুহে দুগুণ ব্যৱধানত নতুন ৰাজনৈতিক বিকল্পৰ দাবী জনাইছিল।

Advertisment

তেওঁ পোষ্টটোত লিখিছে, "আপোনাক স্বাধীনতা ঘূৰাই দিবলৈ আমেৰিকান পাৰ্টি গঠন কৰা হৈছে।।" ইয়াৰ লগতে মাস্কে আমেৰিকাৰ বৰ্তমানৰ ৰাজনীতিকো আক্ৰমণ কৰে। তেওঁ উল্লেখ কৰে যে, "দেশ ধ্বংস আৰু দুৰ্নীতিৰ কথা আহিলে ডেম'ক্ৰেট আৰু ৰিপাব্লিকানৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁলোক আচলতে একেটা দল। আমি গণতন্ত্ৰত নহয়, আমি একদলীয় ব্যৱস্থাত বাস কৰিছো।"

উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে মত বিৰোধৰ পিছত মাস্কে কৰা এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। এসময়ত ট্ৰাম্পৰ অতি ঘনিষ্ঠ আৰু ২০২৪ চনৰ নিৰ্বাচনত তেওঁক ৰাজনৈতিকভাৱে আটাইতকৈ বেছি সহায় কৰা ইলন মাস্কৰ ট্ৰাম্পৰ সৈতে ' ৱান বিগ বিউটিফুল বিল 'ক লৈ তিক্ত কাজিয়াও হৈছিল। 

আমেৰিকা ইলন মাস্ক