/asomiyapratidin/media/media_files/2025/02/17/Hw3oPWsEOzwlG5THiAuU.jpg)
আই এছ আইৰে সম্পৰ্ক এলিজাবেথ ! চি আই ডিৰ ৫/২০২৫ নম্বৰৰ গোচৰ ৰুজু
ডিজিটেল ডেস্ক : অৱশেষত কেবিনেটৰ নিৰ্দেশ অনুসৰি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ সৈতে আই এছ আইৰ সম্পৰ্ক থকা প্ৰসংগত অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিলে। চি আই ডিয়ে ৰুজু কৰা এই গোচৰৰ নম্বৰ- ০৫/২০২৫। বি এন এছৰ কেইবাটাও ধাৰাৰ লগতে বে- আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন ১৩(১) ধাৰাতো ৰুজু কৰা হৈছে গোচৰ।
মূলতঃ পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে যদিও গোচৰৰ তদন্তই সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথকো সাঙুৰি ল’ব। গোচৰটোৰ তদন্তৰ বাবে এটা ৫জনীয়া বিশেষ তদন্তকাৰী গোটো গঠন কৰা হৈছে।
উল্লেখযোগ্য যে এই তদন্তই অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱৰ্ক, ভাৰতৰ বিৰুদ্ধে আলী শ্বেখক সহযোগ কৰা ব্যক্তি, দল- সংগঠন আৰু সহযোগীসকলৰ অনুসন্ধান, ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব সন্দৰ্ভত আহিব পৰা ভাবুকি আদি বিষয়সমূহ সাঙুৰি ল’ব।