Advertisment

মোডীৰ প্ৰসংশা, মুখ্যমন্ত্ৰীৰ প’ষ্টত হাতীৰ প্ৰসংগৰ মাজতে আম্বানিৰ চিৰিয়াখানালৈ হাতীৰ চালান...

ৰাজ্যত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে হাতী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৫ বৰ্ষৰ প্ৰথমটো মন কি বাতত উল্লেখ কৰে নগাঁৱৰ হাতীবন্ধুৰ প্ৰসংগ। এই সামাজিক সংস্থাটোৱে হাতী- মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ কথা মোডীয়ে মন কি বাতৰ জৰিয়তে দেশবাসীক অৱগত কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গুৱাহাটীৰ মাজেৰে হাতী সৰবৰাহ

গুৱাহাটীৰ মাজেৰে হাতী সৰবৰাহ

ডিজিটেল ডেস্ক : ৰাজ্যত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে হাতী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৫ বৰ্ষৰ প্ৰথমটো মন কি বাতত উল্লেখ কৰে নগাঁৱৰ হাতীবন্ধুৰ প্ৰসংগ। এই সামাজিক সংস্থাটোৱে হাতী- মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ কথা মোডীয়ে মন কি বাতৰ জৰিয়তে দেশবাসীক অৱগত কৰে।

Advertisment

সমান্তৰালভাৱে ৰাজ্যবাসীয়ে আজি সাক্ষী হয় আন এক দৃশ্যৰ। সেয়া হ’ল – অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা গুজৰাটৰ ব্যক্তিগতখণ্ডৰ চিৰিয়াখানা লৈ এনিমেল এম্বুলেঞ্চযোগে হাতী নিয়া দৃশ্য। আবেলি ভাগত কেইবাখনো এনে এম্বুলেঞ্চৰে ৩২টা হাতী লৈ পাৰ হয় আম্বানি মালিকনাধীন চিৰিয়াখনাৰ এম্বুলেঞ্চ কেইখন।

Elephant
Elephant

 

গুজৰাটৰ বন বিষয়া, নিৰাপত্তা বিষয়া, চিকিৎসককে ধৰি এটা বৃহৎ দল আহিছিল এই হাতীবোৰ নিবলৈ। এক বিশাল কনভয়ৰে হাতীবোৰ পাৰ কৰি নিয়াৰ দৃশ্য দেখি ৰাজ্যৰ বন্যপ্ৰেমীসকল আচৰিত হৈ পৰে। আনহাতে এম্বুলেঞ্চসমূহত হাতীবোৰ লৈ যাওতে হাতীবোৰে শুৰ জোকাৰি যোৱা দৃশ্যয়ো বহুতকে আবেগিক কৰি তোলে।

কি পৰিস্থিতিত উত্তৰ- পূৰ্বঞ্চল তথা অসমৰ পৰা হাতী সৰবৰাহ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিলে, তাকলৈ প্ৰশ্ন তুলিছে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে। লক্ষ্যণীয়ভাৱে সুদূৰ গুজৰাটলৈ হাতী সৰবৰাহ কৰা এই সময়খিনিতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো কেইবাটাও হাতী সংক্ৰান্তীয় প’ষ্ট তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

elephant man ki bat