বিদুৎ কৰ্মচাৰীক অখ্যাত মুছলিম সংগঠনৰ নাম লৈ মৃত্যুৰ ভাবুকি

মঙলদৈত পুনৰ বিদ্যুৎ কৰ্মীক অপদষ্ট কৰে গ্ৰাহকে। বিদুৎ কৰ্মচাৰীক কেৱল গালি গালাজতে সীমাবদ্ধ নাথাকি অপদষ্ট কৰিবলৈ আগবাঢ়ি আহিল গ্ৰাহক। মঙলদৈৰ চমুৱা পাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
p[oppppppppp

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত পুনৰ বিদ্যুৎ কৰ্মীক অপদষ্ট কৰে গ্ৰাহকে। বিদুৎ কৰ্মচাৰীক কেৱল গালি গালাজতে সীমাবদ্ধ নাথাকি অপদষ্ট কৰিবলৈ আগবাঢ়ি আহিল গ্ৰাহক। মঙলদৈৰ চমুৱা পাৰা গাঁৱত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

মঙলদৈ বিদ্যুৎ সংমণ্ডলৰ পৰা দুজন বিদ্যুৎ কৰ্মীয়ে ফাইজুল হকৰ ঘৰত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ যাওঁতে বিভিন্ন গালি গালাজ পাৰে ফাইজুলে।  লগতে কোনোবা অখ্যাত মুছলিম সংগঠনৰ নাম লৈ মৃত্যুৰ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপিত কৰে বিদ্যুৎ কৰ্মচাৰী দুজনে। ইফালে বিদ্যুৎ কৰ্তনৰ সময়ত দাবী ধমকি দিয়াৰ পিছত কৰ্মচাৰী কেইজনে কৰ্তব্য আধাতে এৰি উক্ত স্থানৰ পৰা উভতি আহে। এই লৈ কৰ্মচাৰী আৰু বিদ্যুৎ বিভাগে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

মঙলদৈ