ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ ইতিহাসপ্ৰসিদ্ধ বঢ়মপুৰৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বৃহস্পতিবাৰে সূচাৰুৰূপে অনুষ্ঠিত হয় । বিদ্যালয়খনৰ ছাত্ৰ জিৰণি কোঠা আৰু ছাত্ৰী জিৰণি কোঠাৰ সম্পাদক - সম্পাদিকাৰ পদ দুটিত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ হোৱাৰ বিপৰীতে আন ৬ টা বিভাগত প্ৰাৰ্থীসকলৰ মাজত আজি তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হয়।
বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষকদ্বয় দেৱজিৎ নাথ আৰু মন্টু মহন্তক ক্ৰমে মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু ৰিটাৰ্নিং বিষয়া হিচাপে লৈ গঠিত হোৱা নিৰ্বাচনী কমিটিত শিক্ষয়ত্ৰীদ্বয় ক্ৰমে নিভা দত্ত আৰু দেবাহুতি মহন্ত ,শিক্ষক নয়নজ্যোতি নেওগ জ'নেল আৰু চেকটৰ বিষয়া হিচাপে নিয়োজিত হয়। মেটেৰিয়েল চেলত থাকে শিক্ষক ক্ৰমে পদুম বৰুৱা , মহম্মদ আলী আৰু ছিৰাজুল হক ।
দুটা ভোটকেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া ক্ৰমে হিমাদ্ৰী চেতিয়া আৰু ৰিচা ৰাজখোৱাৰ সৈতে সহযোগ কৰে পোলিং বিষয়াৰ দায়িত্বত থকা শিক্ষক - শিক্ষয়ত্রীসকল ক্ৰমে জোনমনি বৰঠাকুৰ, তেজস্বিতা বুঢ়াগোহাঁই , গীতাঞ্জলি বৰা , ৰেখা কাকতি, গীতামনি ভূঞা, মুকেশ চৌহান , অশোক ৰয়, আহাদুৰ ৰহমান , বিতুপন বৰা আৰু অম্বিকা কোঁৱৰ ।
উল্লেখ্য যে , বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা নিৰ্বাচনী প্ৰচাৰ ২৫ নবেম্বৰত সমাপ্তি ঘটিছিল । প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বিপৰীতে পোলিং এজেণ্ট নিয়োজিত হয় । তুমুল প্ৰতিদ্বন্দ্বিতাৰে আজি সমাপ্ত হোৱা এই নিৰ্বাচনত সাধাৰণ সম্পাদক পদৰ বাবে ৩ গৰাকী , সহ: সম্পাদক পদৰ বাবে ৪ গৰাকী , আলোচনী সম্পাদকৰ বাবে ২ গৰাকী , সাংস্কৃতিক সম্পাদকৰ বাবে ৪ গৰাকী , ক্রীড়া সম্পাদকৰ বাবে ৩ গৰাকী আৰু সমাজসেৱাৰ বাবে ২ গৰাকী প্ৰাৰ্থীক লৈ মুঠ ১৮ গৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্বাচন অনুষ্ঠিত হয়।
বিয়লি প্ৰায় ৪-৩০ বজাত ভোটগণনা সমাপ্ত হয়। বিজয়ী প্ৰাৰ্থীসকল খুব কম ভোটৰ ব্যৱধানত জয়ী হয়। লক্ষ্যণীয়ভাৱে সহ: সম্পাদকৰ বিজয়ী প্ৰাৰ্থীগৰাকী মাত্ৰ ১ টা ভোটৰ ব্যৱধানত জয়ী হোৱাটোৱে বিদ্যালয়খনৰ ছাত্ৰ - ছাত্ৰীসকলে বিবেক ভোট প্ৰদান কৰাটোকে সূচায়।
বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে - ম: জিয়াউল হক ( উ: মা: ১ম বাৰ্ষিক ) , সহ: সম্পাদক লক্ষ্যজ্যোতি শইকীয়া , আলোচনী সম্পাদিকা ভাগ্যশ্ৰী বৰা ( উ: মা: ১ম বাৰ্ষিক) , সাংস্কৃতিক সম্পাদক ছেছন হানচে ( অষ্টম মান) , ক্রীড়া সম্পাদক আকাশ বসুমতাৰী ( উ: মা: ১ম বাৰ্ষিক) আৰু সমাজসেৱা বিভাগত জুহি বসুমতাৰী ( উ:মা: ১ম বাৰ্ষিক ) ।
আজি সমাপ্ত হোৱা এই নিৰ্বাচনৰ জৰিয়তে ছাত্ৰ - ছাত্ৰীসকলে গণতান্ত্ৰিক নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হয়। এইক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক - শিক্ষয়ত্ৰী আৰু কৰ্মচাৰীসকলৰ অক্লান্ত শ্ৰম শলাগ ল'বলগীয়া।