/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-30/zhw7v8bi/AP-FOR.jpg)
ডিজিটেল ডেস্কঃ যোৱা ২৬অক্টোবৰত দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ ইষ্ট ষ্টুডেণ্টছ ছ'চাইটিৰ নিৰ্বাচন সম্পন্ন হয়। উল্লেখ্য যে, দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ ইষ্ট ষ্টুডেণ্টছ ছ'চাইটি সংক্ষেপে NESSDU হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংগঠন। এই সংগঠনটো প্ৰতিষ্ঠা হৈছিল ২০১২ চনত।
এইবাৰ নিৰ্বাচনত দুটা পেনেলে প্ৰতিদ্বন্দিতা কৰিছিল, য'ত এটা পেনেলত ছয়জন অসমীয়া সদস্য আছিল আৰু আনটো পেনেলত মাত্ৰ এজনহে অসমীয়া সদস্য আছিল। ছয়জন অসমীয়া সদস্য থকা পেনেলৰ সদস্যসকলৰ নাম হৈছে - হৰ্ষিতা বৈৰাগী, ইপ্সিতা ডলে, অভিলাষা শইকীয়া, দীপু পাটিৰ, সপ্ৰীম বৰুৱা, আৰু প্ৰিয়ংকা লামা। আনটো পেনেল অৰ থকা জনৰ নাম হল লিঅন বৰুৱা।
এইবাৰৰ নিৰ্বাচন কেইবাটাও ঐতিহাসিক ঘটনাৰে ভৰা আছিল। প্ৰথম, এইবাৰ NESSDU ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন অসমীয়া মহিলা সভাপতি নিৰ্বাচিত হৈছে। হৰ্ষিতা বৈৰাগী হৈছে NESSDU ৰ প্ৰথমগৰাকী অসমীয়া মহিলা সভাপতি, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা সকলৰ বাবে এক নতুন পথপ্ৰদৰ্শক ৰূপেৰে অৱদান আগবঢ়াইছে। দ্বিতীয়তে, NESSDU ৰ সকলোতকৈ গুৰুত্বপূৰ্ণ চাৰিটা পদত অসমীয়া সদস্যসকলেই অধিষ্ঠিত হৈছে, যাৰ ফলত সংগঠনটোত অসমীয়া নেতৃত্ব আৰু প্ৰভাব সুস্পষ্টভাৱে পৰিস্ফুট হৈছে।
তৃতীয়তে, আনটো পেনেলত মাত্ৰ এজনহে অসমীয়া ছাত্ৰ আছিল, যিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আৰু তেও হৈছে লিঅন বৰুৱা। মঙলদৈৰ লিঅন বৰুৱাই এই নিৰ্বাচনত জুইন্ট ছেক্ৰেটাৰী (উত্তৰ) হিচাপে জয় সাব্যস্ত কৰিছে।