ঋণৰ ওপৰত নিৰ্ভৰশীল নির্বাচনমুখী বাজেট : আপ

২০২৫-২৬ ৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা বাজেটখনে অসমৰ জনগণক নিজৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কোনো সঠিক পথৰ সন্ধান দিব নোৱাৰিলে।

author-image
Asomiya Pratidin
New Update
 বাজেট

বাজেট

ডিজিটেল সংবাদ, গুৱাহাটী : ২০২৫-২৬ ৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা বাজেটখনে অসমৰ জনগণক নিজৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কোনো সঠিক পথৰ সন্ধান দিব নোৱাৰিলে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে নাই কোনো সবল পদক্ষেপ, নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো সুদূৰপ্ৰসাৰী আঁচনিৰ উল্লেখ নাই, কৃষকৰ সমস্যা সমাধানৰ বাবে কোনো বিস্তৃত পৰিকল্পনা নাই। 

Advertisment

মুঠতে আজিৰ বাজেটখন হিতাধিকাৰী সৃষ্টি কৰা তথা নির্বাচনমুখী এখন গতানুগতিক বাজেটহে বুলি উল্লেখ কৰিছে আম আদমি পার্টীয়ে। আজিৰ বাজেটক লৈ আপ, অসমৰ ৰাজ্যিক সভাপতি ডা০ ভবেন চৌধুৰীয়ে বাজেটত ধাৰ্য্য কৰা ১ লাখ ৫৫ হাজাৰ ৮৯৫ কৌটি টকাৰ উৎস কি বুলি চৰকাৰক প্রশ্ন উত্থাপন কৰে। 

তেওঁ কয় যে, চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে উন্নয়নৰ নামতহে ঋণ লৈছে। যদিও তথ্যই কয় যে চৰকাৰে মূলধনী ব্যয়তকৈ ৰাজ ব্যয়তহে অত্যাধিক গুৰুত্ব আৰোপ কৰিছে। চৰকাৰখনে উৎপাদনশীল কাম ব্যয় বৃদ্ধি কৰাৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি আৰু ব্যয়ত অধিক গুৰুত্ব প্রদান কৰিছে। যি ৰাজ্যখনৰ অর্থনৈতিক ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয় বুলি ডা০ চৌধুৰীয়ে অভিহিত কৰে।

ডা০ চৌধুৰীয়ে পুনৰ কয় যে, আজিৰ বাজেটে অসমৰ আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিব পৰাকৈ গ্রহণ কৰা কোনো দিক্‌দর্শী বাজেট নহয়। বাজেটখন সম্পূর্ণভাৱে ঋণ আৰু কেন্দ্ৰীয় চৰকাৰৰ ধনৰ ওপৰত নির্ভৰশীল। ই সম্পূর্ণৰূপে বাস্তৱবিমুখ, ঋণ নিৰ্ভৰশীল আৰু সাধাৰণ মানুহক মূল্যবৃদ্ধি, মুদ্রাস্ফীতি, ক্রম ক্ষমতা হ্রাস আদিৰ পৰা একেবাৰে সকাহ দিব নোৱাৰা বাজেট। 

ঋণৰ ওপৰত নিৰ্ভৰশীল নির্বাচনমুখী বাজেট : আপ
ঋণৰ ওপৰত নিৰ্ভৰশীল নির্বাচনমুখী বাজেট : আপ

 

আজিৰ বাজেটত অসমৰ অর্থনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা ক্ষুদ্র চাহ শ্রমিকসকলক দীর্ঘদিনীয়া দৈনিক মজুৰি ৩৫০.০০ টকালৈ বৃদ্ধি কৰাৰ দাবী উলাই কৰি একমাত্র এককালনী সাহাৰ্য্য দিহে দায় সাৰিব বিচাৰিছে। আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে আজিৰ বাজেট সমস্যাৰে জৰ্জৰিত জনসাধাৰণৰ বাবে নিৰাশজনক আৰু দূৰদৃষ্টিহীন বাজেট বুলি উল্লেখ কৰিছে।

aap assam