/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/83ljicl6/2.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ কাজলগাঁৱত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ চিৰাং জিলা নিৰ্বাচনী বিষয়াৰ সংবাদ মেল অনুষ্ঠিত হৈ যায়। সংবাদ মেলত জিলা নিৰ্বাচনী বিষয়া পি, বিজয় ভাস্কৰ ৰেড্ডীয়ে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ চুৰান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/vqwfl9z5/91d874b7-943d-4a38-bc61-b890d55b91f1.jpg)
প্ৰকাশ কৰা চুৰান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ১৬ হেজাৰ ৯৯০ গৰাকী। তাৰে পুৰুষ ভোটাৰৰ সংখ্যা ১ লাখ ৭ হেজাৰ ৯৯৭ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ৮ হেজাৰ ৯৮৯ গৰাকী আৰু তৃতীয় লিঙ্গ ভোটাৰ হৈছে ৪ গৰাকী । উল্লেখ্য যে উপ নিৰ্বাচন ৰাজ্যত নতুনকৈ সমষ্টি পুনঃনিৰ্ধাৰণ সমষ্টিৰ বিপৰীতে পূৰ্বৰ বিধানসভা সমষ্টিৰ সীমা অনুসৰি অনুষ্ঠিত হব বুলি সদৰী কৰে ।
Also Read: জম্মু-কাশ্মীৰ বিধানসভা নির্বাচনৰ প্ৰথম পর্যায়ৰ অধিসূচনা জাৰি