নিৰ্বাচন আয়োগৰ কান্ধত বন্দুক ৰাখি ৰাজনীতি কৰা হৈছে! ই চিৰ সংবাদমেলত আৰু কি ক'লে...

ৰাহুল গান্ধীয়ে ৭ দিনৰ ভিতৰত শপতনামা দিব লাগে অথবা দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে । যদি তেওঁ তেনে নকৰে তেন্তে তেওঁৰ সকলো অভিযোগ ভিত্তিহীন বুলি গণ্য কৰা হ’ব।

New Update
WhatsApp Image 2025-08-17 at 5.07.47 PM

ডিজিটেল ডেস্কঃ  নিৰ্বাচনত ৰিগিং আৰু ভোটাৰ তালিকাত অনিয়মৰ অভিযোগৰ মাজতে দেওবাৰে নিৰ্বাচন আয়োগে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্তই ৰাহুল গান্ধীকে ধৰি বিৰোধী দলৰ অন্যান্য নেতাই উত্থাপন কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 

Advertisment

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ড০ বিবেক যোশী, সুখবীৰ সিং সন্ধু, উপ-নিৰ্বাচন আয়ুক্ত সঞ্জয় কুমাৰ, মংগেশ গাৰ্গ, সঞ্চালক প্ৰধান আশীষ গোৱাল আৰু উপ-সঞ্চালক প্ৰধান বিজয় কুমাৰ পাণ্ডে সংবাদমেলখনত উপস্থিত থাকে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৰাহুল গান্ধীক অভিযোগ সন্দৰ্ভত প্ৰমাণ বিচাৰি ৭ দিনৰ সময়সীমা বান্ধি দিয়ে। জ্ঞানেশ কুমাৰে কয় যে, ৰাহুল গান্ধীয়ে ৭ দিনৰ ভিতৰত শপতনামা দিব লাগে অথবা দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে । যদি তেওঁ তেনে নকৰে তেন্তে তেওঁৰ সকলো অভিযোগ ভিত্তিহীন বুলি গণ্য কৰা হ’ব।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে যোৱা ৭ আগষ্টত নিৰ্বাচন আয়োগক লক্ষ্য কৰি লৈ কয় যে, "ভোট চুৰি হৈছে। নিৰ্বাচন আয়োগ চুৰি কাৰ্য্যৰ সৈতে জড়িত লগতে তেওঁলোকে যে বিজেপিৰ বাবে এই কাম কৰি আছে তাৰ প্ৰমাণ আমাৰ হাতত আছে।"

তেওঁ লগতে কয়, নিৰ্বাচন আয়োগৰ বাবে কোনো শাসকীয় দল বা বিৰোধী নাই, সকলো সমান। যি ৰাজনৈতিক দলৰেই নহওঁক কিয়, নিৰ্বাচন আয়োগে নিজৰ সাংবিধানিক কৰ্তব্যৰ পৰা আঁতৰি নাযায়। যোৱা দুটা দশক ধৰি প্ৰায় সকলো ৰাজনৈতিক দলে ভোটাৰ তালিকাৰ ভুল শুধৰণিৰ দাবী জনাই আহিছে।

এই দাবী পূৰণৰ বাবে নিৰ্বাচন আয়োগে বিহাৰৰ পৰা বিশেষ নিবিড় পুনৰীক্ষণ (এছ আই আৰ) আৰম্ভ কৰিছে। এছ আই আৰৰ প্ৰক্ৰিয়াত সকলো ভোটাৰ, বুথ পৰ্যায়ৰ বিষয়া আৰু সকলো ৰাজনৈতিক দলে মনোনীত কৰা ১.৬ লাখ বি এল এয়ে একেলগে এখন খচৰা তালিকা প্ৰস্তুত কৰা বুলি আয়ুক্ত জ্ঞানেশ কুমাৰে জনায়।

মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে আৰু কয় যে, আইন অনুসৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগত পঞ্জীয়নৰ পৰাই জন্ম হয়, গতিকে সেই ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন আয়োগে কেনেকৈ বৈষম্য কৰিব পাৰে। নিৰ্বাচন আয়োগৰ কোনো পক্ষ বা বিৰোধী নাই, সকলো সমতুল্য।

জ্ঞানেশ কুমাৰে ভোটাৰ তালিকাত ভুল নাম ওলোৱা সন্দৰ্ভত কয় যে, সেয়া নতুন কথা নহয়। কেতিয়াবা ভোটৰ তালিকাৰ পৰা কাৰোবাৰ নাম বাদ পৰে, কেতিয়াবা মৃত ভোটাৰৰ নামো সাঙুৰ খাই, ভোটাৰ তালিকাখন নিখুঁত কৰাতো আমাৰ দায়িত্ব বুলিও তেওঁ স্বীকাৰ কৰে। এইবাৰ বিহাৰত বিএলঅ’ই ৰাজনৈতিক দল আৰু তেওঁলোকৰ বিএলএৰ সৈতে এক হৈ কাম কৰিছে।

তেওঁ স্পষ্ট কৰি দিয়ে যে এতিয়ালৈকে কোনো ৰাজনৈতিক দলে আনুষ্ঠানিকভাৱে কোনো দাবী বা আপত্তি দাখিল কৰা নাই। অৰ্থাৎ সকলো দলেই একেলগে এই প্ৰক্ৰিয়াত জড়িত হৈ এতিয়া একেলগে কাম কৰিলেহে ভোটাৰ তালিকাৰ উন্নতি সাধন কৰিব পৰা যাব।

তাৰোপৰি বিৰোধীয়ে সংবাদ মাধ্যমত ভোটাৰৰ ফটো দেখুওৱাৰ কথা উল্লেখ কৰি জ্ঞানেশ কুমাৰে কয়, আমি কেইদিনমান আগতে দেখিছিলো যে বহু ভোটাৰৰ ফটো তেওঁলোকৰ অনুমতি অবিহনে সংবাদ মাধ্যমত প্ৰকাশ কৰা হৈছিল। 

নিৰ্বাচন আয়োগে কোনো ভোটাৰৰ চিচিটিভি ভিডিঅ’ শ্বেয়াৰ কৰিব লাগেনে, সেয়া তেওঁলোকৰ মাক হওঁক, বোৱাৰী হওঁক, কন্যাই হওঁক? যিসকলৰ নাম ভোটাৰ তালিকাত আছে, তেওঁলোকেই নিজৰ প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ ভোটদান কৰে।

এছডিএমৰ জৰিয়তে চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছত খচৰা তালিকাখনো ৰাজনৈতিক দলসমূহৰ সৈতে শ্বেয়াৰ কৰা হয় আৰু চূড়ান্ত তালিকাখনো ৰাজনৈতিক দলসমূহৰ সৈতে শ্বেয়াৰ কৰা হয়, নিৰ্বাচন আয়োগৰ ৱেবছাইটতো উপলব্ধ হয়।

তেওঁ আৰু কয় যে, ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি তালিকা দিয়া হয়। প্ৰতিজন প্ৰাৰ্থীৰ এজনকৈ পুলিং এজেন্ট মনোনীত কৰাৰ অধিকাৰ আছে আৰু একেখন তালিকা পুলিং এজেন্টৰ লগতো আছে। ৰিটাৰ্ণিং অফিচাৰে ফলাফল ঘোষণা কৰাৰ পিছতো ৪৫ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ত নিৰ্বাচনী আবেদন দাখিল কৰি নিৰ্বাচনক প্ৰত্যাহ্বান জনোৱাৰ ব্যৱস্থা আছে।

কেৰেলা হওঁক, কৰ্ণাটক হওঁক, বিহাৰেই হওঁক যেতিয়া ৪৫ দিন সম্পূৰ্ণ হ'ল আৰু সেই ৪৫ দিনত কোনো দোষ নাপালে,তাৰ পাছত আজি সমগ্ৰ দেশৰ জনসাধাৰণে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ আঁৰত কি উদ্দেশ্য আছে সেয়া বুজি উঠিছে।

জ্ঞানেশ কুমাৰে কয়, যেতিয়া নিৰ্বাচন আয়োগৰ কান্ধত বন্দুক ৰাখি ভাৰতৰ ভোটাৰক লক্ষ্য কৰি ৰাজনীতি কৰা হৈছে, নিৰ্বাচন আয়োগে আজি সকলোকে স্পষ্ট কৰি দিব বিচাৰিছে যে, আমি নিৰ্ভয়ে সকলো শ্ৰেণীৰ ভোটাৰৰ সৈতে থিয় হৈ আছো আৰু থিয় হৈ থাকিম।

ৰাহুল গান্ধী নিৰ্বাচন আয়োগ