'আহক আলোচনাৰ মেজত বহি কথা পাতো'- নিৰ্বাচন আয়োগৰ ৰাহুল গান্ধীলৈ পত্ৰ

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৰিগিঙৰ যি অভিযোগ উত্থাপন কৰিছিল সেই সন্দৰ্ভত নিৰ্বাচন আয়োগে ৰাহুল গান্ধীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
rahul gandhi

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৰিগিঙৰ যি অভিযোগ উত্থাপন কৰিছিল সেই সন্দৰ্ভত নিৰ্বাচন আয়োগে ৰাহুল গান্ধীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত ৰাহুল গান্ধীক নিৰ্বাচন আয়োগে তেওঁৰ অভিযোগসমূহ আয়োগৰ আগত উত্থাপন কৰাৰ লগতে বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ জনাই পত্ৰ প্ৰেৰণ কৰিছে।

Advertisment

প্ৰকাশিত খবৰ অনুসৰি যোৱা ১২ জুনত ইমেইল যোগে নিৰ্বাচন আয়োগে ৰাহুল গান্ধীলৈ এই পত্ৰ প্ৰেৰণ কৰিছিল। উল্লেখ্য যে, ৰাহুল গান্ধীয়ে শেহতীয়াকৈ ভোটকেন্দ্ৰৰ ভিডিঅ’ ফুটেজ আৰু ফটোগ্ৰাফ সংৰক্ষণৰ সময়সীমা ৪৫ দিনলৈ সীমিত কৰা নিৰ্দেশনাৰ উদ্ধৃতি দি নিৰ্বাচনী প্ৰক্ৰিয়াৰ ন্যায্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। 

সেই অভিযোগ সন্দৰ্ভতে নিৰ্বাচন আয়োগে আলোচনা কৰিবলৈ ৰাহুল গান্ধীক পত্ৰৰ জৰিয়তে আমন্ত্ৰণ জনাইছে। তাৰোপৰি নিৰ্বাচন আয়োগে জনাইছে যে, বিধানসভাৰ এই নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া বিকেন্দ্ৰীকৃত পদ্ধতিৰে  সমষ্টি পৰ্যায়ত চলোৱা হৈছিল। য’ত ১ লাখ ১৮৬ জনতকৈ অধিক বুথ পৰ্যায়ৰ বিষয়া (বি এল অ’), ২৮৮ জনতকৈ অধিক নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’), ১৩৯ জন সাধাৰণ পৰ্যবেক্ষক, ৪১ জন আৰক্ষী পৰ্যবেক্ষক, ৭১ জন ব্যয় পৰ্যবেক্ষক আৰু ২৮৮ জন ৰিটাৰ্নিং বিষয়া (আৰ অ’) জড়িত আছিল। 

আয়োগে নিযুক্তি দিয়া আৰু সমগ্ৰ মহাৰাষ্ট্ৰতে কংগ্ৰেছৰ ২৮,৪২১ জনকে ধৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহে নিযুক্তি দিয়া ১০৮,০২৬ জন বুথ লেভেল এজেণ্ট (বি এল এ) আছিল। ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত ইতিমধ্যে আয়োগে যুক্তি দৰ্শাইছে যে, ভোটকেন্দ্ৰৰ ফুটেজ শ্বেয়াৰ কৰিলে ভোটাৰক সহজেই চিনাক্ত কৰিব পৰা যাব। যাৰ ফলত তেওঁলোক ওপৰত হেঁচা, বৈষম্য বা ভয়, ভাবুকিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

আয়োগে স্পষ্ট কৰি দিছে চিচিটিভিৰ ফুটেজ কেৱল আভ্যন্তৰীণ ব্যৱস্থাপনাৰ বাবেহে। সেই দৃশ্য ৪৫ দিনৰ বাবে ৰখা হয় যি নিৰ্বাচনী আবেদন দাখিলৰ সময়সীমাৰ অধীনত। 

 

ৰাহুল গান্ধী কংগ্ৰেছ নিৰ্বাচন আয়োগ মহাৰাষ্ট্ৰ