ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিন...

ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিন...
ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিন...ELECTION COMMISSION OF INDIA

ডিজিটেল ডেস্কঃ ভাৰতীয় নিৰ্বাচন আয়োগে আজি নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। এই তিনিওখন ৰাজ্যত অহা ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব।

শেহতীয়াকৈ, নিৰ্বাচন আয়োগৰ এটা দলে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিছিল। আয়োগৰ এই দলটোৱে এই সময়ছোৱাত কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ সৈতেও যোগাযোগ কৰিছিল। এই তিনিওখন ৰাজ্যৰ পৰিস্থিতি পৰীক্ষা কৰাৰ পিছত, এতিয়া নিৰ্বাচন আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিবছে।

ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাত ৬০ খনকৈ আসন আছে। তিনিওখন ৰাজ্যতে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ৩১ খন আসনৰ। উল্লেখ্য যে এই তিনিওখন ৰাজ্যৰে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল ১৫ মাৰ্চত অন্ত পৰিব।

আজি নিৰ্বাচন আয়োগে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত,মেঘালয় আৰু নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব।

তিনিখন ৰাজ্যত ভোটগণনা ২ মাৰ্চত অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। এক সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয়, "শেহতীয়াকৈ নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যসমূহ নিৰ্বাচন আয়োগৰ বিষয়াসকলে পৰিদৰ্শন কৰিছিল। এই সময়ছোৱাত, তেওঁ তাত প্ৰশাসনিক বিষয়াসকলক লগ কৰিছিল আৰু তাৰ পৰা পৰামৰ্শ লোৱা হৈছিল।

উল্লেখ্য যে চলিত বছৰত মুঠ ৯ খন ৰাজ্যত ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ উপৰোক্ত ৩ ৰাজ্যৰ উপৰিও কৰ্ণাটক, ৰাজস্থান, ছত্তীশগড়, মধ্য প্ৰদেশ, তেলেংগানা আৰু মিজোৰামত অনুষ্ঠিত হ'ব নিৰ্বাচন।

এই নখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক ২০২৪ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে দেখা গৈছে। এনে পৰিস্থিতিত, সকলো দলে এই নিৰ্বাচনৰ বাবে সাজু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in