/asomiyapratidin/media/media_files/2025/04/30/5qE1zppRK6xHRtApgRaF.jpg)
ডিজিটেল সংবাদ, কামপুৰ : ৰাজ্যৰ চুকে কোণে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ বৈছে ৷ ছলে –বলে, কৌশলে শক্তি প্ৰদৰ্শনত নামিছে দলীয় তথা নিৰ্দলীয় প্ৰাৰ্থীসকল। নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ নং তেঁতেলীসৰা পঞ্চায়ততো পঞ্চায়ত নিৰ্বাচনৰ ৰণদুন্দুভি বাজি উঠিছে ।
পঞ্চায়তখনৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত কুমাৰ দাসে ব্যতিক্ৰমী প্ৰচাৰে ভোটাৰ ৰাইজৰ মাজত সোমাবলৈ চেষ্টা চলাইছে। হেমন্ত কুমাৰ দাসে জাকজমকীয়া প্ৰচাৰৰ লগতে সভা সমিতি আয়োজন নকৰি ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য চলাইছে।
বুধবাৰে হেমন্ত কুমাৰ দাসে ৪নং ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰা আন এগৰাকী নিৰ্দ্দলীয় প্ৰাৰ্থী ৰাখী বৰাক লগত লৈ ৱাৰ্ডটোত ঘৰে ঘৰে গৈ প্ৰচাৰ কাৰ্য চলায় । ৪নং ৱাৰ্ডৰ শতাধিক সৰ্মথকক লগত লৈ নানান শ্ল'গানেৰে এক শোভাযাত্ৰা উলিয়ায় ৷
উল্লেখ্য যে পঞ্চায়তখনত অনুসূচীত জাতিৰ বাবে সংৰক্ষিত থকা কাউঞ্চিলাৰ পদটোত হেমন্ত কুমাৰ দাসৰ বিপৰীতে অগপ দলৰ ধীৰাজ মোহন দাসেও প্ৰতিদ্বন্দ্বিতাত নামিছে । তথ্য অনুসৰি তেঁতেলীসৰা পঞ্চায়তত মুঠভোটাৰৰ সংখ্যা ৬৮১১ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৩৩৭৬ আৰু মহিলা ভোটাৰ ৩৪৩৫ টা। পঞ্চায়তখনত সভাপতিৰ পদটো অনুসূচীত জাতিৰ মহিলাৰ বাবে আৰু কাউঞ্চিলাৰ পদটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত।