দীৰ্ঘ দিনীয়া সমস্যাৰ অন্ত পেলাবলৈ নগাঁৱত ৮১ জন গাঁও প্ৰধানক নিৰ্বাচিত...

বিগত সময়ত দীৰ্ঘকাল গাঁও প্ৰধান অবিহনে ৰাজহ গাঁও সমূহ পৰিচালিত হৈ আছিল

author-image
Asomiya Pratidin
New Update
আকৌ বন্ধ হ’ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান ! ইখনৰ পিছত সিখন বিদ্যালয়ত ধৰা পৰিছে কোভিড সংক্ৰমণ…

ডিজিটেল সংবাদ,নগাঁওঃ দীৰ্ঘ দিনে খালী হৈ থকা নগাঁও জিলাৰ ৮১ খন ৰাজহ গাঁৱৰ গাঁও প্ৰধান পদত মকৰল বাবে সাক্ষাতকাৰ সম্পন্ন কৰা হৈছে ৷ জিলাখনত বিগত সময়ত দীৰ্ঘকাল গাঁও প্ৰধান অবিহনে ৰাজহ গাঁও সমূহ পৰিচালিত হৈ আছিল ৷ ফলত গাঁও প্ৰধানৰ অনুপস্থিতিত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল ৷

ৰাজ্য চৰকাৰৰ নিৰ্দেশ ক্ৰমে শেহতীয়াকৈ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহে বিশেষ তৎপৰতা অৱলম্বন কৰি ৮৫ খন ৰাজহ গাঁৱৰ গাঁও প্ৰধান নিয়ুক্তিৰ ক্ষেত্ৰত পদক্ষেপ হাতত লয় ৷ প্ৰশাসনে জাৰি কৰা বিজ্ঞাপনৰ বিপৰীতে ৩৪৯ জন লোকে খালী পদৰ বিপৰীতে আবেদন কৰে ৷

আবেদন সমূহ পৰীক্ষা কৰি ২৯ খন আবেদন নাকচ কৰা হয় ৷ বিশেষকৈ গাঁও প্ৰধান পদৰ বাবে নিদ্ধাৰিত কৰা যোগ্যতা আৰু বয়সৰ বাবে ২৯ জনকৈ আবেদনকাৰীৰ আবেদন নাকচ হয় ৷

সৰ্বমুঠ ৩১০ খন আবেদন গ্ৰাহ্য কৰি উক্ত পদৰ বাবে সাক্ষাতকাৰ অনুষ্ঠিত কৰা হয় ৷ ইয়াৰে ২৯৬ জন আবেদনকাৰীয়ে সাক্ষাতকাৰত অৱৰ্তীৰ্ণ হয় ৷ সাক্ষাতকাৰৰ বাবে ৭খনকৈ পৰীক্ষা সমিতি গঠন কৰা হৈছিল ৷

ৰহা , কামপুৰ, ধিঙ, নগাঁও সদৰ, ৰূপহীহাট, চামগুৰি আৰু কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত গঠন কৰা পৰীক্ষা সমিতি সমূহৰ দ্বাৰা সাক্ষাতকাৰ অনুষ্ঠিত কৰা হৈছিল ।

ৰহা ৰাজহ চক্ৰৰ অধীনত ১০ জন, কামপুৰত ৩, ধিঙত ৭, নগাঁও সদৰত ২২, ৰূপহীহাটত ১, চামগুৰিত ২০ আৰু কলিয়াবৰত ১৮ জন গাঁও প্ৰধানক যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত কৰা হয় ৷ পৰবৰ্তী পুলিচ ভেৰিফিকেশ্যনৰ পিছতে মনোনীত প্ৰাৰ্থী সকলক নিয়ুক্তি প্ৰদান কৰা হব ৷ গাঁও প্ৰধানৰ নিয়ুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্চ ভাবে সাক্ষাতকাৰ অনুষ্ঠিত কৰি চৰকাৰী ভাবে লোৱা এই তৎপৰতাৰ বাবে গাঁও সমূহৰ দীৰ্ঘ দিনীয়া এক সমস্যা সমাধান হোৱাৰ দিশত ৷ অৱশ্যে আন চাৰিখন ৰাজহ গাঁৱৰ গাঁও প্ৰধান পদৰ বাবে প্ৰাৰ্থী নথকাত পদকেইটা খালী হৈ থাকে ৷

nagaon