গ্ৰেপ্তাৰ হ'ব টেলিভিছন কুইন একতা কাপুৰ আৰু তেওঁৰ মাতৃ !

সেনা আৰু সেনাৰ পৰিয়ালৰ অনুভূতিক লৈ খেলা কৰি বিপদত...

author-image
Asomiya Pratidin
New Update
গ্ৰেপ্তাৰ হ'ব টেলিভিছন কুইন একতা কাপুৰ আৰু তেওঁৰ মাতৃ !

AKTA KAPOOR

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ'ব পাৰে ভাৰতীয় টেলিভছনৰ ৰাণী একতা কাপুৰ ! একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ন্যায়ালয়ে। সেনা আৰু সেনাৰ পৰিয়ালৰ সদস্যৰ অনুভূতিত আঘাট হনাৰ বাবেই এই দুই তাৰকা এতিয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

Advertisment

বলিউডৰ ছবি পৰিচালক তথা ভাৰতীয় টেলিভিছনৰ ধাৰাবাহিকৰ ৰাণী হিচাপে খ্যাত একতা কাপুৰে অ' টি টি প্লেট ফৰ্মট তেওঁৰ বালাজী টেলিফিল্মছৰ জৰিয়তে ৱেব ছিৰিজ নিৰ্মাণ কৰি আহিছে। এই ৱেব ছিৰিজক লৈ ইতিমধ্যে দেশজুৰি বহু বিতৰ্কও চলি আছে।

চেঞ্চৰ বিহীন এই অ' টি টি প্লেট ফৰ্মট একতা কাপুৰৰ বালাজী টেলিফিল্মছে কেৱল মুক্ত যৌনতা প্ৰসাৰ কৰাতেই অধিক গুৰুত্ব আৰোপ কৰিছে বুলিও সঘনাই চৰ্চা চলি আছে। ইয়াৰে মাজতে 'XXX' (চীজন ২) ৱেব ছিৰিজত সেনাক অপমান কৰাৰ লগতে সেনাৰ পৰিয়ালৰ সদস্যৰ অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন হৈছিল।

ৱেব ছিৰিজখনত পৰিকল্পিত ভাৱে দেখুওৱা হৈছিল বহু ব'ল্ড দৃশ্য। যি দৃশ্যই সেনাৰ পত্নী তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি এক ভুল বাৰ্তা প্ৰেৰণ কৰাৰ লগতে চৰিত্ৰ হনন কৰা হৈছে। যাৰ বাবে বিহাৰৰ এখন আদালতে প্ৰাক্তন সৈনিক আৰু বেগুচাৰাইৰ শম্ভু কুমাৰ নামৰ এজন ব্যক্তিৰ গোচৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।

উল্লেখ্য যে, শম্ভু কুমাৰে ২০২০ চনতেই এই সম্পৰ্কে এক গোচৰ ৰুজু কৰিছিল। সেই সময়ত আদালতে একতা কাপুৰ আৰু শোভা কাপুৰৰ বিৰুদ্ধে চমন জাৰি কৰিছিল। এই গোচৰটোৰ সন্দৰ্ভত তেওঁলোকক আদালত হাজিৰ হ'বলৈও নিৰ্দেশ প্ৰদান কৰিছিল।

সেই সময়ত একতা কাপুৰৰ ফালৰ পৰা আদালতক জনোৱা হৈছিল যে ৱেব ছিৰিজখনৰ পৰা আপত্তিজনক সেই ব'ল্ড দৃশ্য সমূহ আঁতৰাই পেলোৱা হৈছে। কিন্তু প্ৰকৃততে তেনে কৰা হোৱা নাই। যাৰ বাবে এতিয়া ন্যায়ালয়ে বালাজী টেলিফিল্মছৰ লগত জড়িত একতা কাপুৰ আৰু শোভা কাপুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।

EKTA KAAPOOR bollywood