/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/eknath.jpg)
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকতে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ইয়াৰ মাজতে আহিছে ডাঙৰ খবৰ। চুৰাটৰ পৰা গুৱাহাটী পালে মহাৰাষ্ট্ৰৰ বিসম্বাদী ২২ মন্ত্ৰী- বিধায়ক।
একনাথ সিন্ধেৰ নেতৃত্বত গুৱাহাটীত বাহৰ পাতিছে মন্ত্ৰী বিধায়ক সকলে। বৰঝাৰ বিমান বন্দৰত তেওঁলোকক আদৰণি জনাই বিজেপিৰ নেতা কৰ্মীয়ে।
একনাথ সিন্ধে কয় যে তেওঁলোকে শিৱসেনা ত্যাগ নকৰে কিন্তু বালচাহাবৰ হিন্দুত্বক আগবঢ়াব। অন্যহাতে অন্য এগৰাকী বিধায়কে কৈছে যে তেওঁ কেৱল বিৰিয়ানী খাবলৈহে আহিছে।
উল্লেখ্য যে, একনাথ সিন্ধে দাবী কৰা অনুসৰি তেওঁৰ সমৰ্থনত প্ৰায় ৪০ গৰাকী মন্ত্ৰী বিধায়ক আছে। অৱশ্য়ে অন্য কোনো ধৰণৰ ৰাজনৈতিক ৰণনীতি সন্দৰ্ভত তেওঁ মত পোষণ কৰা নাই।
আৰু পঢ়ক :হাইলাকান্দিৰ ধলেশ্বৰী নৈত সন্ধানহীন কিশোৰী…